গুৱাহাটীঃ ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিলে দলটোৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই। দলটোৰ সভাপতি অখিল গগৈ লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ডেকাই। কংগ্ৰেছৰ পাছতে এইবাৰ ৰাইজৰ দলতো উঠিছে পদত্যাগৰ ঢৌ। পদত্যাগ কৰাৰ পিছতেই জিতুল ডেকাই টুইট যোগে এই বিষয়ে অৱগত কৰে। দলটোৰ কাৰ্যকৰী সভাপতি পদৰ লগতে সদস্য পদৰ পৰাও পদত্যাগ কৰিলে জিতুল ডেকাই।
প্ৰাপ্ত খবৰ অনুসৰি, শীঘ্রে আম আদমী পাৰ্টিত যোগদান কৰিব জিতুল ডেকাই। ইতিমধ্যে দিল্লীলৈ বিমানযোগে উৰা মাৰিছে ডেকা। আজি দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে এক আলোচনাত মিলিত হ’ব ৰাইজৰ দলৰ প্রাক্তন সদস্যগৰাকীয়ে।
লগতে পঢ়কঃমহামৃত্যুঞ্জয় মন্দিৰত নিয়োজিত স্থানীয় কৰ্মচাৰীক বহিষ্কাৰ কৰাৰ অভিযোগত প্ৰতিবাদ