নিউজ ডেস্ক- বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ধেমাজিৰ অসম-অৰুণাচল সীমান্তত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জয়ৰামপুৰ পানবাৰী সীমান্ত ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰিবলৈ গৈছিল যুৱক কেইগৰাকী।
গছ পুলি ৰোপন কৰি থকা সময়তে দূৰৈৰ পৰা অৰুণাচলী দুৰ্বৃত্ত কেইটাই গছ পুলি ৰোপন কৰিবলৈ যোৱা অসমীয়া যুৱক কেইজনৰ ওপৰত চলাইছিল গুলী। আৰু এই গুলীবৰ্ষণত থিতাতে নিহত হয় বগা চুতীয়া নামৰ যুৱক জন।
ইফালে, গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হৈছে পুষ্প গগৈ আৰু মনিতুৰ গগৈ নামৰ আন দুজন যুৱক। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই উক্ত স্থানত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।
আনহাতে, স্থানীয় লোকে সীমা বিবাদৰ সমস্যা সন্দৰ্ভত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰি কয় যে- গছ পুলি ৰোপনৰ সময়ত অৰুণাচলী দুৰ্বৃত্তই মাৰণাস্ত্ৰৰে গুলীয়াই থৈ যায় অসমৰ যুৱক কেইজনক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই গুলীবৰ্ষণ ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় যে- ‘চুবুৰীয়া ৰাজ্যই আমাক আক্ৰমণ নকৰে, কিছুমান লোকেহে মাটিৰ লোভত এই কামবোৰ কৰে।’
অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিৰোধী দলপতিগৰাকীয়ে কয় যে- ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি অসমৰ স্বাৰ্থ সুৰক্ষা কৰি সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়ক আমি আছো। কিন্তু তেওঁ বিধানসভাত এই কথাত কোনো গুৰুত্ব দিয়া নাই।’