গুৱাহাটী – ৰাজ্যৰ প্ৰতিভাৱান তৰুণ গল্পকাৰ অভিজিৎ বৰালৈ ২০২০ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে৷ মুনীন বৰকটকী স্মাৰক ন্যাসে কালি ২৬ তম সাহিত্য বঁটা ঘোষণা কৰে। অভিজিৎ বৰালৈ তেওঁৰ ‘ডেউকা কোবাই যায়’ (পাণ্ডুলিপি) নামৰ চুটিগল্প সংকলনটোৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে৷

উল্লেখযোগ্য যে অসমৰ সু-সাহিত্যিক, সমালোচক, সাংবাদিক মুনীন বৰকটকীৰ সোঁৱৰণত অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ ন্যাসে এই বঁটা আগবঢ়াই আহিছে৷ ১৯৯৫ চনৰপৰা ন্যাসে এই বঁটা আগবঢ়াই আহিছে৷

এই বঁটাৰ সৈতে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি পত্র প্রদান কৰা হয়৷ ২০২১ চনৰ প্ৰথমভাগতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ২০১৯ আৰু ২০২০ বর্ষৰ দুয়োটা বঁটা একেলগে প্রদান কৰা হ’ব বুলি প্রকাশ কৰিছে পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে৷ উল্লেখ্য যে ২০১৯ বর্ষৰ ২৫সংখ্যক বঁটা প্রদান কৰিব পৰা নাছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,274 other subscribers

Leave a comment

Leave a Reply