গুৱাহাটী – ক্ৰমে উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত । অসমৰ কাছাৰ জিলাৰ এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ বিবাদে লৈছে নতুন মোৰ।মিজোৰাম আৰক্ষীয়ে দাবী কৰা অনুসৰি সোমবাৰে সীমান্ত অঞ্চলৰ পৰা মাদক- দ্ৰব্য সহ গ্ৰেপ্তাৰ কৰিছিল কাছাৰ জিলাৰ ফ্ৰেন্স নগৰৰ ইনতিয়াজ আলীক ।পিছে গ্ৰেপ্তাৰ কৰা পাছতে অসুস্থ হৈ পৰে ইনতিয়াজ ।হাস্পতালত ভৰ্ত্তি কৰোৱাৰ পিছতে ইনতিয়াজ মৃত ঘোষণা কৰে চিকিৎসকে ।ঘটনা সন্দৰ্ভত অসম-মিজো সীমান্তত প্ৰতিবাদৰে উত্তপ্ত হৈ পৰে ।সীমান্তৰ পৰিস্থিতি ক্ৰমে অশান্ত হৈ পৰাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰে ।

ইনতাজুল আলি নামৰ লোকজনৰ মৃত্যুত উদ্বিগ্ন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।দক্ষিণ অসম ৰেঞ্জৰ ডি আই জি দিলীপ কুমাৰ দে জনোৱা অনুসৰি দেওবাৰে ইনতিয়াজ আলীৰ ভাতৃয়ে ইনতিয়াজ নিৰুদ্দেশ হৈ থকাৰ বাবে আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছিল।ভাতৃৰ অভিযোগ অনুসৰি জংঘলত কাঠ কাটিবলৈ যাওঁতে মিজোৰাম পুলিচে আটক কৰে ইনতিয়াজক।দুপৰীয়াই ইনতিয়াজৰ মৃত্যুৰ খবৰ অসম আৰক্ষীক জনাই কলাশিব আৰক্ষীয়ে ।এই খবৰ পাইয়ে উত্তপ্ত হৈ পৰে কাছাৰবাসী।সীমান্তত জ্বলে প্ৰতিবাদৰ জুই । সীমান্তত মোতায়েন কৰা হয় অতিৰিক্ত আৰক্ষী ।ইনতিয়াজৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে মিজোৰামৰ দিশে ঢাপলি মেলে কাছাৰৰ নজৰুল ইছলাম নামৰ এজন লোক ।নজৰুল ইছলামে জনাই যে তিনি দিন আগেয়ে গৰুৰ ঘাঁহ কাটিবলৈ জংঘললৈ গৈছিল ইনতিয়াজ।মাৰণাস্ত্ৰৰে সুসজ্জিত দুই যুৱকে ইনতিয়াজক অপহৰণ কৰি নিছে ।

মিজোৰাম আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰিছে বুলি ডি আই জি দিলীপ কুমাৰ দে উল্লেখ কৰে ।ঘটনা সন্দৰ্ভত কেন্দ্ৰলৈ বিবৃতি প্ৰেৰণ কৰা হৈছে বুলি দিলীপ কুমাৰ দে জানিবলৈ দিয়ে।উল্লেখ্য যে কাছাৰ আৰক্ষীলৈ ইনতিয়াজৰ মৃত্যুৰ খবৰ উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰিছিল কলাশিব আৰক্ষীয়ে।মিজোৰামৰ বিভিন্ন দল -সংগঠনে অসম আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply