গুৱাহাটী – প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ অসম চৰকাৰে বিনামূলীয়াকৈ আগবঢ়াব আধাৰ কাৰ্ড। ৬ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ সকলো শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ আধাৰ কাৰ্ড লাভ কৰিব। অসম চৰকাৰ আৰু সৰ্বশিক্ষা অভিযানৰ অধীনত আজিৰে পৰা এই আধাৰ কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

উল্লেখ্য যে ইতিমধ্যেই ৰাজ্যৰ ২৭ খন ৰাজ্যতে উপায়ুক্তসকলৰ দ্বাৰা আধাৰৰ নামভৰ্তি কাৰ্যাৱলী আৰম্ভ কৰা হৈছে। ইফালে কামৰূপ মহানগৰ জিলাতো আধাৰৰ বাবে নামভৰ্তিৰ কাম জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ দ্বাৰা আৰম্ভ কৰা হৈছে।

কামৰূপ মহানগৰ জিলাত ৬ খন বিদ্যালয়, ২০০ টা আধাৰ কেন্দ্ৰ আৰু ২২ খন পঞ্চায়তত আধাৰৰ নামভৰ্তি চলিব।

বিনামূলীয়া আধাৰৰ এই নামভৰ্তি প্ৰক্ৰিয়া শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply