ডিব্ৰুগড় – ডিব্ৰুগড়ৰ অসম চিকিসা মহাবিদ্যালয় হাস্পতালত কালি নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শিশু ৰোগ আৰু প্ৰসূতি বিভাগৰ আই চি ইউত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। নৱজাতকৰ আই চি ইউত অগ্নিকাণ্ডৰ ঘটনাৰ ফলত স্বাভাৱিকতে চিকিৎসাধীন মাতৃ আৰু চিকিৎসা কৰ্মীৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিৱেশৰ।

লগে লগে নৱজাতকসকলক আই চি ইউৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত ঠাইত ৰখোৱা হয়। কিন্তু আতংকময় পৰিৱেশৰ বাবে দৌৰা দোৰি কৰাৰ ফলত এদিন পূৰ্বে অস্ত্ৰোপচাৰ কৰা বহুকেইগৰাকী প্ৰসূতি মাতৃ কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য, এবছৰ পূৰ্বে মুকলি কৰা এই আই চি ইউ সংঘটিত অগ্নিকাণ্ডৰ কাৰণ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় সংবাদ দাতাৰ প্ৰতিবেদন অনুসৰি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাত বহু পলম হয়। আনহাতে স্থানীয় লোকৰ ভাষ্য মতে, অন্ধকাৰময় পৰিৱেশৰ মাজতে সকলোৱে আতংকত দৌৰাদৌৰি কৰাৰ লগতে নিশা বহু সময় বাহিৰতে কটাবলগীয়া হয়। স্থানীয় লোকৰ ভাষ্যত প্ৰকাশ পায় যে হাস্পতাল কৰ্তৃপক্ষই আপদকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ জোখাৰে কোনো প্ৰশংসনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। অৱশ্যে অগ্নিনিৰ্বাপন হোৱাৰ পিছত পুনৰ নৱজাতকক আই চি ইউত ভৰ্তি কৰোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply