অৰ্ণৱ গোস্বামীৰ পক্ষত এইবাৰ থিয় দিলে মন্ত্ৰী ভৱেশ কলিতাই।

ৰঙিয়া- ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ৰাজ্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল -সংগঠনে। অৰ্ণৱ গোস্বামীৰ পক্ষত এইবাৰ থিয় দিলে মন্ত্ৰী ভৱেশ কলিতাই। এগৰাকী সম্পাদকৰ পক্ষত থিয় দি অন্য চেনেল সমুহক এইদৰে অপমান কৰিলে মন্ত্ৰী গৰাকীয়ে।

অৰ্ণৱ গোস্বামীৰ পক্ষত মন্তব্য প্ৰকাশ কৰি অৰ্ণৱ গোস্বামী আল্টু-ফাল্টু চেনেলৰ সম্পাদক নহয় বুলি মন্ত্ৰী মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ।ৰঙিয়াত সাংবাদিকৰ আগত ভবেশ কলিতাই দেশৰ খ্যাতনামা চেনেলৰ মুখ্য সম্পাদক গৰাকীক যিকোনো পৰিস্থিতিত মুকলি কৰিবলৈও দাবী জনায় ।

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যক একাংশই সমৰ্থন জনাইছে যদিও একাংশই মুম্বাই আৰক্ষীৰ ভূমিকাক তীব্ৰভাৱেও সমালোচনা কৰিছে। বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক সকলেও অৰ্ণৱ গোস্বামীৰ পক্ষত থিয় দি মুম্বাই আৰক্ষীৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু কংগ্রেছ দলক তীব্ৰ সমালোচনা কৰিছে।

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধী কৰাৰ সমান্তৰালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক অগণতান্ত্ৰিক বুলি আখ্যা দিছে।

উল্লেখ্য যে ২০১৮ চনৰ এক আত্মহত্যাৰ গোচৰৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।

আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,840 other subscribers

Leave a comment

Leave a Reply