ছবিলাল উপাধ্যায়

গুৱাহাটী – ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নামেৰে হ’ব বিহালিত প্ৰতিষ্ঠা হব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়। অলপতে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে।

এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম হ’ব “ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়, বিহালি”।

উল্লেখ্য যে ছবিলাল উপাধ্যায় আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। গোৰ্খা সম্প্ৰদায়ৰ এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে সমাজৰ শিক্ষাৰ বাবে বহু অৱদান আগবঢ়াইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,886 other subscribers

Leave a comment

Leave a Reply