গুৱাহাটী – কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ বন্দীত্বৰ অন্ত পৰাৰ দিশত আৰু এটা খোজ আগবাঢ়িল৷ কৃষক নেতাজনৰ বিৰুদ্ধে নিয়াই তৰা দ্বিতীয়টো গোচৰৰ বাবে কালি আদালতে জামিন মঞ্জুৰ কৰে৷ লক্ষণীয় যে কা আন্দোলনৰ সময়ত যোৱা বছৰৰ ১০ ডিচেম্বৰত কৃষক নেতাজনে চাবুৱাত এখন জনসভাত ভাষণ দিয়াৰ পাছতে চাবুৱা থানাত আক্রমণ কৰিছিল প্রতিবাদকাৰীয়ে৷

চাবুৱা থানাই তেতিয়াই অখিল গগৈৰ বিৰুদ্ধে উচটনি দিয়াৰ অভিযোগত গোচৰ তৰিছিল৷ পৰৱর্তী পর্যায়ত নিয়ালৈ গোচৰটো হস্তান্তৰ কৰা হৈছিল৷ আজি নিয়া আদালতে গোচৰটোৰ শুনানি গ্রহণ কৰি অখিল গগৈ প্রত্যক্ষভাৱে উক্ত ঘটনাৰ সৈতে জড়িত নথকাৰ কথা প্রকাশ কৰি তেওঁৰ জামিন আৱেদন মঞ্জুৰ কৰে৷

আদালতে স্পষ্টভাৱে চাবুৱাৰ ঘটনাত অখিল গগৈৰ ভাষণ হিংসাৰ বাবে প্রৰোচিত কৰা নাছিল বুলি প্রকাশ কৰে৷ লক্ষণীয় যে আজিৰ গোচৰত জামিন লাভ কৰিলেও নিয়াৰ প্রথমটো গোচৰত এতিয়াও কৃষক নেতাজনে জামিন পাবলৈ বাকী আছে৷ আজি জামিন প্রদান কৰিলেও আদালতে কৃষক নেতাজনক বহুকেইটা চর্ত মানি চলিবলৈ নির্দেশ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply