গুৱাহাটী – অসমৰ বন বিভাগে আজি সামগ্ৰী কঢ়িয়াই নিয়া এটা ৰে’লৰ ইঞ্জিন জব্দ কৰিছে। অপৰাধ আছিল যে এই ৰে’লখনে বিগত ২৭ ছেপ্টেম্বৰত ২ টা বনৰীয়া হাতী মহতিয়াই নিছিল। ৰে’লৰ খুন্দাত এজনী মাখুন্দী হাতী আৰু এটা পোৱালি হাতীয়ে কৰুণভাৱে মৃত্যুমুখত পৰিছিল।
উল্লেখ্য যে এই সমগ্ৰ ঘটনাৰ তদন্তত কৰি ডিএফঅ’ ৰাজীৱ দাসে বামুণীমৈদানৰ ৰে’লৱে ৱাৰ্ডত অভিযান চলাই এই ল’ক’মটিভখন জব্দ কৰে। তথ্য অনুসৰি, ৰে’ল ইঞ্জিনটোৱে প্ৰায় ১০০ মিটাৰ দূৰলৈ পোৱালী হাতীটোক মহতিয়াই নিছিল। বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত ৰে’লৱেৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে লক পাইলট আৰু আৰু সহযোগী লক’ পাইলটক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৰে’ল বিভাগে। পথাৰখুলা আৰু লামছাখাং ৰে’ল ষ্টেশ্যনৰ মাজত সংঘটিত হৈছিল এই ঘটনা।
উল্লেখযোগ্য যে ঠাইখিনি পূৰ্বৰে পৰা জনাজাত আছিল এলিফেন্ট কৰিডৰ হিচাপে । সেই অনুসৰি ঠাইখিনিত ৰেলৰ গতিবেগ হ্ৰাস হোৱাটো অৱধাৰিত আছিল। এই সম্পৰ্কত সংবাদ মাধ্যমত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, ৰেলৱে ট্ৰেকত হাতীৰ কৰুণ মৃত্যু বন্ধ হ’বই লাগিব। বনবিভাগে ৰেলৱেৰ বিৰুদ্ধে আগলৈয়ো এনে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিব।