গুৱাহাটী – মঙলবাৰে সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রায় ১৪.১৭ কোটি টকাৰ ব্যয়ৰে অসম চৰকাৰে ৰূপায়ণ কৰা তথা ৰূপায়ণ কৰিবলগীয়া প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্যবাসীৰ মাজত সজাগতা বৃদ্ধি হৈছে।এই কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনতে জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া বান আৰু গৰাখহনীয়া প্রতিৰোধী আঁচনিসমূহৰ কামৰো শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ২০২০-২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত আল্পজান নৈৰ গৰাখহনীয়া পৰা কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি ইয়াত দাতিকাধিৰীয়া অঞ্চলসমূহক সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৫.৩৪ কোটি টকা ব্যয়ৰে হাতত লোৱা এক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।তদুপৰি অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ১.৬৫ কোটি টকা ব্যয়ৰে ন সত্ৰত নিৰ্মাণ কৰা ‘মধুমংগল’ নামৰ দক্ষতা বিকাশ কেন্দ্ৰটোও উদ্বোধন কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে সভাত ভাষণ প্রদান কৰি কয় যে ৰাজ্য চৰকাৰে ২০১৬ চনত ক্ষমতালৈ অহাৰ পিছত সকলো দিশতে অসমৰ সামগ্ৰীক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। লগতে দুৰ্নীতিৰ বিৰুদ্ধে ও বিভিন্ন পদক্ষেপ হাতত লৈছে। লগতে অসম আৰক্ষী এছ আই নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰু তাৰ পিছত সেই তদন্ত সফল হোৱাৰ কথাও উল্লেখ কৰে ।

ভাৰত-বাংলা সীমান্ত ছীল কৰাকে ধৰি ভাৰত-বাংলা ভূমি বিবাদ নিষ্পত্তিৰ বাবে প্রধানমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ আৰু ইজৰাইলী প্রযুক্তিৰে সীমান্তৰ নদীপথত কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি সীমান্ত ছীল কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।লগতে কয় অসমৰ ১.১০লাখ ভূমিহীন লোকক ভূমিপট্টাও প্ৰদান কৰিব । ৰাজ্যৰ ‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৮ হাজাৰ নামঘৰ আৰু সত্ৰক আৰ্থিক সাহায্য প্রদান কৰা আৰু ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত অসম সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ বাবে আৰ্থিক ফাণ্ড গঠনৰ দৰে পদক্ষেপ লৈছে।

ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত গভীৰভাৱে মনোনিৱেশ কৰি ৰাজ্যখনক আগুৱাই নিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।লগতে জাতীয় স্বাৰ্থত যৌথ সহযোগিতাৰ কাম কৰি যাবলৈ ৰাজ্যবাসীক তেওঁ আহ্বান জনায় আৰু ন-সত্ৰত আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত গুণগত মান যাতে উন্নত হয় সেয়া নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক বিশেষ গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত গৰুৰ চোৰাং বেহাত জড়িত দুষ্টচক্ৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত প্রাণ আহুতি দিয়া অসম চৰকাৰৰ বীৰ জোৱান ৰবেন দাসলৈ গভীৰ শদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই সভাত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকায়েওভাষণ প্রদান কৰে।লগতে সভাত উপস্থিত থাকে বিধায়ক গুণীন্দ্ৰ নাথ দাস ,স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেল আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰধান উপাচাৰ্য তৰুণ চন্দ্ৰ বৰা।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাৰ পূৰ্বে সৰ্থেবাৰীৰ কাঁহ-পিতল শিল্পৰ সৈতে জড়িত কেইবাগৰাকীও শিল্পীৰ সৈতে মত-বিনিময় কৰে ।লগতে অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ ৰুলিং মিল পৰিদৰ্শন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply