গুৱাহাটী – ‘৫২ চনত আমাৰ দেশ স্বাধীন হৈছিল, তাৰ বহু বছৰ পিছতহে বিজেপিয়ে শাসন লাভ কৰিলে।” ১৯৪৭ চনত নহয় ভাৰত স্বাধীন হৈছিল ১৯৫২ চনতহে। এই মন্তব্য দুলীয়াজান সমষ্টিৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ। উল্লেখ্য যে সততে বিভিন্ন বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা বিধায়ক তেৰছ গোৱালাই কালি এক দলীয় সভাত প্ৰদান কৰা ভুল তথ্যৰ ভাষণৰ কিয়দংশ সম্প্ৰতি চৌদিশে ভাইৰেল হৈ পৰিছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও কেব তথা ‘কা’ আন্দোলনৰ সময়ত প্ৰতিবাদকাৰী সকলে বিজেপিৰ নেতা কৰ্মী সকলক কলা পতাকা প্ৰদৰ্শনকে ধৰি কৰা বিৰোধিতাৰ বিষয়ে ক’বলৈ গৈ তেওঁ কৈছিল যে – ‘কেব কা’ আন্দোলনৰ সময়ত বিজেপি নেতা কৰ্মীৰ ওপৰত বহু অত্যাচাৰ চলিল। এইটো অতি দুখজনক কথা।’

বিজেপি কৰ্মীসকলৰ দুখৰ বিষয়ে ক’বলৈ গৈ বিধায়কগৰাকীয়ে দেশৰ ইতিহাস বৰ্ণনা কৰি ৫২ চনত আমাৰ দেশ স্বাধীন হৈছিল বুলি কোৱাৰ লগতে বিজেপি দল শাসনলৈ ২০১৬ চনতহে আহিছিল বুলিও ভাষণত উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply