গুৱাহাটী – অসম আৰক্ষীয়ে ৫ দিনৰ জিম্মাত ল’লে এছ আই কেলেংকাৰীৰ অন্যতম খলনায়ক দিবন ডেকাক। আজি আদালতৰ পৰাই অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত লৈছে দিবন ডেকাক।

প্ৰাপ্ত তথ্য অনুসৰি, দিবন ডেকাক আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও ৫ দিনৰ জিম্মাত লোৱাৰ অনুমতি প্ৰদান কৰিছে আদালতে। উল্লেখ্য যে বুধবাৰে নিশা পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দিবন ডেকাক। ইয়াৰ পিছতে দিবন ডেকাক কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাৰ এছ অ ইউৰ লকআপত ৰখা হৈছিল।

আজি দুপৰীয়া দিবন ডেকাক হাজিৰ কৰোৱা হয় কামৰূপ জিলা দণ্ডাধীশৰ আদালতত। প্ৰাপ্ত তথ্য অনুসৰি, আদালতত ন্যায়াধীশে অধিবক্তা লাগিব নেকি বুলি সোধাত তেওঁ নালাগে বুলি জনায়।

ইফালে, দিবনৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ১৩/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪১৮/৪২০/১২০b ধাৰাত এক গোচৰ ৰুজু কৰে।

শেহতীয়া তথ্য অনুসৰি দিবন ডেকা গেষ্ট্ৰিক আলচাৰত ভুগি থকা বুলি জনাইছে অধিবক্তাই। সেয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ আদালতে আৰক্ষীক নিৰ্দেশ দিছে।

উল্লেখ্য যে এই কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পাছতে দিবন ডেকাই এক ফেচবুক পোষ্টযোগে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত থকা বুলি অভিযোগ তুলিছিল।

ইফালে, এই ঘটনাত সাঙোৰ খাই পৰাৰ পিছতে বিজেপি নেতা দিবন ডেকাক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে। বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰায়ে জাৰি কৰা এক পত্ৰত এই কথা সদৰী কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply