গুৱাহাটী – শেহতীয়াকৈ এছ আই কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ সকলো চৰকাৰী নিযুক্তিয়েই নিকা কৰি তোলাৰ স্বাৰ্থতেই ৰাজ্যৰ পাচখনকৈ বিশ্ববিদ্যালয়ৰ সৈতে কথা বতৰা পাতিছে ৰাজ্য চৰকাৰে। কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেচট বৈঠকত এই কথা উত্থাপন কৰা হয়।
সেই অনুসৰিয়েই এতিয়াৰে পৰা ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব ৰাজ্যৰ এই পাচখনকৈ বিশ্ববিদ্যালয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনা অনুসৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। এই নিযুক্তি সংক্ৰান্তীয় পৰীক্ষাসমূহ এতিয়াৰে পৰা বিশ্ববিদ্যালয়সমূহৰ যোহগেদি অনুষ্ঠিত কৰা হ’ব।
ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্য চৰকাৰক জনাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব।
মুখ্য সচিবে ইতিৰমধ্যেই বুধবাৰে এই নিযুক্তি সংক্ৰান্তীয় পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ তালিকা ঘোষণা কৰিছে।