পিপিই কিট পিন্ধি চিকিৎসক এজনে ক’ভিড চেণ্টাৰ এটাত নৃত্য পৰিৱেশন কৰিছে। সমগ্ৰ দেশতে ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। লোকজন শিলচৰ মেডিকেল কলেজৰ চিকিৎসক ডাঃ অৰূপ সেনাপতি। ই এন টি ছাৰ্জন। ক’ভিড ৰোগীসকলৰ মন ভাল লগাবলৈ তেওঁলোকৰ সন্মুখত এইদৰে নাচিছে ডাঃ সেনাপতিয়ে।

শেহতীয়াকৈ হৃতিক ৰোশন, মাধুৰী দীক্ষিত আদিয়ে প্ৰসংশাৰে উপচাই দিছে চিকিৎসক সেনাপতিক। ইষ্ট মোজোৰ সৈতে হোৱা পোনপটীয়া কথাবতৰাত কি ক’লে ডাঃ সেনাপতিয়ে। পঢ়ক সাক্ষাৎকাৰৰ সম্পাদিত অংশ –

হঠাতে দেশজুৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল আপুনি। কেনে অনুভৱ?

সেনাপতি – হৃতিক ৰোশনৰ টুইটটো দেখি প্ৰথমে বিশ্বাসেই কৰিব পৰা নাছিলো। বলীউদৰ বিভিন্ন তাৰকাই মোৰ ভিডিঅ’টো ৰিটুইট কৰিছে। এতিয়াও ভাবিলেই সপোন সপোন লাগে।

প্ৰশ্ন – পিপিই কিট পিন্ধিয়েই নাচি আমোদ দিয়াৰ সেই প্ৰেৰণা ক’ৰ পৰা আহিচিল সেই সময়ত? কি হৈছিল আচলতে?

সেনাপতি – আঠঘণ্টীয়া ডিউটি। ইয়াৰ পিছতেই আমি বাধ্যতামূলক কোৱাৰেণ্টাইনলৈ যোৱাৰ কথা। তালৈ যোৱাৰ পূৰ্বে মোৰ সতীৰ্থসকলে মোক কলে যে এবাৰ নাচিব লাগে। অৱশ্যে তেওঁলোকে পূৰ্বৰে পৰাই জানিছিল যে মই নাচি ভাল পাও আৰু নাচিব জানো। কিন্তু ভবাও নাছিলো যে এনেদৰে নচাৰ এক ভিডিঅ’ প্ৰস্তুত কৰি তেওঁলোকে ইণ্টাৰনেটত আপলোড কৰিব আৰু সমগ্ৰ দেশজুৰি সেয়া আকোৱালি ল’ব। ভাল লাগে।

প্ৰশ্ন – বিগত ৫-৬ মাহ যথেষ্ট ব্যস্ততাপূৰ্ণ আছিল, বিশেষকৈ স্বাস্থ্যকৰ্মীসকলৰ বাবে। এনেবোৰ প্ৰত্যাহ্বানৰ কেনেদৰে সমূখীন হৈছিল?

সেনাপতি – মোৰ বাবে এইখিনি সময় যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল। শিলচৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰাৰ পূৰ্বে মই আছিলো গোৱালপাৰা জিলাৰ দৰংগিৰিত। গোৱালপাৰাত প্ৰথমটো ক’ভিড ৰোগী পোৱাৰ সময়তে মই স্বেচ্ছাই ৰেড জ’নত ডিউটি কৰিবলৈ গুচি গৈছিলো।

প্ৰশ্ন – আপুনি নৃত্যৰ প্ৰশিক্ষণ লৈছে নেকি বা কেতিয়াৰ পৰা নৃত্যৰ সৈতে জড়িত?

সেনাপতি – সৰুৰে পৰা নাচি আহিছো। প্ৰভূ দেৱা, হৃতিক ৰোশন আদিৰ নাচ দেখিয়েই শিকিছিলো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply