নিউজ ডেস্ক – বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই টুইটযোগে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

“বিহাৰৰ প্ৰত্যেক ভোটাৰে স্পষ্ট কৰি দিলে যে উন্নয়ণ তেওঁলোকৰ প্ৰাথমিক অধিকাৰ।”

এক শ্বাসৰুদ্ধকৰ পৰিৱেশত কালি বিহাৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হয়। এন ডি এ আৰু মহাজোটঁবন্ধনৰ মাজত আছিল তীব্ৰ প্ৰতিদ্বন্দিতা ।সময়বোৰ আগুৱাই গৈ আছিল ।এই কঠিন প্ৰতিদ্বন্দিতাৰ মাজেৰেই আগবাঢ়িছিল এন ডি এ ।

নিশা লৈ ১২৫খন আসনত অগ্ৰগতি লাভ কৰিছে শাসক জোঁটে।

ভোটগণনাৰ অন্তিম পৰ্যায়ত মিত্ৰদল বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

বিহাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি ২৪৩খন আসনৰ ভিতৰত এন ডি এ লাভ কৰে ১২৫ খন আসন ,আৰ জে ডি মহাজোটবন্ধনে লাভ কৰে ১১০খন আসন,এলজেপি ১ খন আৰু অন্যান্য দলে লাভ কৰে ৭ খন আসন। সংখ্যাগৰিষ্ঠতা পাবলৈ প্ৰয়োজন ১২২খন আসনৰ।

নিশা সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মহাজোটবন্ধনে ১১২খন আসনত অগ্ৰগতি লাভ কৰিছিল। কিন্তু আৰ জে ডি য়ে দাবী অনুসৰি তেওঁলোকে ১১৯ খন আসনত তেওঁলোকে জয় লাভ কৰিছে। আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝাৰ অভিযোগ মতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আসনৰ কম ব্যৱধানত প্ৰশাসনৰ সহায়ত ভোটগণনাৰ ক্ষেত্ৰত হেৰফেৰ কৰিছে ।

পিছে ইমান ডাঙৰ অভিযোগৰ পাছতো এন ডি এ মৌনতা অৱলম্বন কৰিছে ।

মহাজোটঁবন্ধনৰ জয়ৰ বাবে দিনৰ ভাগত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি সমৰ্থকসকলে দিল্লীৰ বিজেপি কাৰ্যালয়ত হনুমান চালিছাও পাঠ কৰা দেখা গৈছেল।

এই নিৰ্বাচনত বিজেপিয়ে জেডিইউ তকৈ অধিক আসন লাভ কৰাত দলৰ মাজত বিশেষ চৰ্চিত হৈছিল।এই লৈ এক প্ৰশ্নৰো উত্থাপন হৈছিল যে নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হ’ব নে পদৰ বাবে তেওঁ নিজেই দাবী কৰিব।

আনহাতে দিনৰ ভাগত ভোটগণনাৰ কিছু সময়ৰ আগেয়ে পাটনাৰ আৰ জে ডি কাৰ্যালয়ত প্ৰাৰ্থী সকলে মিঠাই বিতৰণ কৰিছিল। তেজস্বী যাদৱৰ ঘৰৰ সন্মুখত সমৰ্থকে ভিৰ কৰা পৰিলক্ষিত হৈছিল পিছে ১২ বজাৰ পিছত এই ছবি খন সলনি হৈছিল। প’ষ্টেল বেলট শেষ পাছতে চহৰ অঞ্চলত ভোটগণনা আৰম্ভ হোৱাৰ পাছতে তীব্ৰ ভাৱে প্ৰতিদ্বন্দিতাত এন ডি এ।

ইয়াৰ মাজতে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে নীতিশ কুমাৰৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে ।কংগ্ৰেছৰ অভিযোগ অনুসৰি বৈশালী জিলাৰ ৰাজপক্ষ সমষ্টিত আৰু চি পি আই (এম এল) এ অভিযোগ কৰে যে তেওঁলোকৰ প্রাৰ্থীয়ে ভোৰে,আৰা আৰু ধৰোদ্ধা সমষ্টিত জয়ী হৈছিল কিন্তু ইয়াৰ বাবে কোনো প্ৰমাণ পত্ৰ জাৰী কৰা হোৱা নাছিল ।

সেই জয়ী হোৱা আসনৰ বাবে পুনৰ ভোট গণনাৰ দাবী উত্থাপন কৰে।

পিছে ভোটগণনাৰ প্ৰাথমিক বিশ্লেষণত কোৱা হৈছিল যে নীতিশ কুমাৰৰ পতনৰ অন্যতম কাৰণ হ’ল প্ৰতিষ্ঠান বিৰোধিতাৰ লগতে চিৰাগ পাছোৱানৰ বিৰোধিতা।

লোকজনশক্তি দল যিয়ে এন ডি এ ত্যাগ কৰি জে ডি এ বিপৰীতে মাত্ৰ এখন আসনত জয়ী হয় ।

অৱশ্যে শেষলৈ এম আই এম এ পাঁচ খন আসনত জয়ী হয় ।দলটোৰ নেতা আছাদুদ্দীন ওৱেশীয়ে কয় , ‘মই সেইসকল লোকক এটা সঠিক উত্তৰ দি দিলো ,যিয়ে এনেকুৱা কথা কৈ আছে ।’

অৱশ্যে পাছৱানৰ বাবেই নীতিশ কুমাৰৰ (জে ডি ইউ ) য়ে ৩০ খন আসন হেৰুৱালে বুলি স্পষ্ট হৈছে।

বিহাৰৰ ৰাজনৈতিক ক্ষেত্ৰ খনত প্ৰথমবাৰৰ বাবে মিত্ৰৰাজনীতিয়ে দেশজুৰি চৰ্চা লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply