গুৱাহাটী – কিশোৰ জনৰ মন আছিল কলা শাখাত পঢ়াৰ। কিন্তু আভিজাত্য আৰু সমাজত ষ্টেটাছৰ স্বাৰ্থতেই নিজ পিতৃ মাতৃয়েই তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছিল পুত্ৰৰ শৈক্ষিক কেৰিয়াৰ। পুত্ৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ অভিযন্তা কৰি তোলাৰ স্বপ্নত শেষ কৰিছিল পুত্ৰৰ স্বপ্ন। ভাৰাতীয়া পৰীক্ষার্থীৰে জে ই ই পৰীক্ষাত অসমৰ ভিতৰতে সবোর্চচ নম্বৰ লাভ কৰি ৰঙাঘৰৰ ভাত খাবলগীয়া হোৱা নীল নক্ষত্র দাসৰ ইচছাৰ বিৰুদ্ধে গৈ জালিয়াতি কৰিছিল পিতৃ ডাঃ জ্যোতির্ময় দাসে৷ কলা শাখাত পঢ়িবলৈ ইচছা কৰা নীল নক্ষত্রক বলপূর্বক অভিযন্তা বনোৱাৰ চেষ্টা কৰিছিল চিকিৎসক পিতৃ-মাতৃ জ্যোতির্ময় দাস আৰু লখিমী এছ দাসে৷

কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা নীল নক্ষত্র, তেওঁৰ পিতৃ আৰু অন্য তিনিজন লোকক কৰা জেৰাত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ওৰে নিশা আৰক্ষীয়ে চলোৱা জেৰাত জালিয়াতি কৰি জে ই ই পৰীক্ষাত পুত্রক উত্তীর্ণ কৰোৱাৰ বাবে পিতৃ জ্যোতির্ময় দাসে শৈক্ষিক প্রতিষ্ঠানৰ নামত দালালি কৰা গ্ল’বেল এডুলাইট প্রতিষ্ঠানৰ স্বত্বাধিকাৰীৰ সৈতে ১৫ লাখ টকাত চুক্তি সম্পাদন কৰাৰ কথা স্বীকাৰ কৰে৷ আনহাতে পৰীক্ষাৰ পূর্বে ৫ লাখ টকা আগধন দিয়াৰ কথাও তেওঁ স্বীকাৰ কৰে৷

উল্লেখযোগ্য যে গুৱাহাটীত জে ই ই পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা জালিয়াতি কৰি পৰীক্ষার্থীক উত্তীর্ণ কৰালৈকে তিনিটা প্রতিষ্ঠান জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ এই প্রতিষ্ঠান তিনিটা হ’ল টাটা কনচালটেন্সি ছার্ভিচ, মুকুন্দ ইনফ’টেক আৰু আইঅ’ন ডিজিটেল জ’ন৷ প্রণিধানযোগ্য যে জালিয়াতিৰে জে ই ইত উত্তীর্ণ হোৱাৰ অভিযোগ লাভ কৰাৰ পাছতে মহানগৰ আৰক্ষীয়ে পশ্চিম মণ্ডলৰ ডি চি পিৰ নেতৃত্বত বিশেষ এছ আই টি গঠন কৰি অনুসন্ধান আৰম্ভ কৰিছিল৷

কালি মূল অভিযুক্ত নীল নক্ষত্র দাসৰ লগতে তেওঁৰ পিতৃ ডাঃ জ্যোতির্ময় দাস, টাটা কনচালটেন্সিৰ দুই কর্মচাৰী হেমেন্দ্র চন্দ্র শর্মা আৰু প্রাঞ্জল কলিতা আৰু আইঅ’ন ডিজিটেল জ’নৰ কর্মচাৰী তথা জে ই ই পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব পালন কৰা হীৰুকমল পাঠকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আনহাতে তেওঁলোকক গ্রেপ্তাৰ কৰি জেৰা কৰাৰ সময়ত শিলপুখুৰীৰ গ্ল’বেল এডুলাইট নামৰ প্রশিক্ষণ কেন্দ্রই নীল নক্ষত্রৰ হৈ কোনে পৰীক্ষাত অৱতীর্ণ হ’ব, সেয়া নির্ধাৰণ কৰাৰ কথা পোহৰলৈ আহে৷

এই প্রতিষ্ঠানেই নীল নক্ষত্রৰ পিতৃৰ সৈতে তেওঁক উত্তীর্ণ কৰাই দিয়াৰ বাবে চুক্তি সম্পাদন কৰিছিল৷ ১৫ লাখ টকাত সম্পাদিত হোৱা চুক্তিৰ আগধন হিচাপে নীল নক্ষত্রৰ পিতৃৰ পৰা লোৱা হৈছিল ৫ লাখ টকা৷ এই প্রক্রিয়াত গ্ল’বেল এডুলাইটৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাৰ নাম সাঙোৰ খাই পৰিছে৷ কালি নিশাৰ পৰা মহানগৰ আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ কিন্তু নীল নক্ষত্রৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছৰ পৰা তেওঁ নিজৰ প্রতিষ্ঠানত তলা ওলমাই আত্মগোপন কৰি আছে৷

যোৱা ৫ ছেপ্টেম্বৰত হোৱা পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্রত সোমাই বায়’মেট্রিক্স পৰীক্ষা সম্পূর্ণ হোৱাৰ পাছতে আইঅ’ন প্রতিষ্ঠানৰ পৰা নিয়োগ কৰা নিৰীক্ষকে তেওঁক পৰীক্ষা কেন্দ্রৰ পৰা উলিয়াই নিছিল৷ সেই অভিযোগত কালি সেইদিনা নিৰীক্ষকৰ দায়িত্ব পালন কৰা হীৰুকমল পাঠকক গ্রেপ্তাৰ কৰা হয়৷

কালি পাঁচোজন ধৃত ব্যক্তিক আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে পাঁচোজন অভিযুক্তকে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে তেওঁলোকক ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আৱেদন কৰিছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply