গুৱাহাটী – ডেনিয়েল তপ্ন বিষয়টোৱে বিষ হৈ খেদি ফুৰিছে অসম প্রদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাক৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিপদে খেদি ফুৰিছে সাংসদ বৰাক। ইতিমধ্যে ৰাজ্যৰ ১০ গৰাকীকৈ কংগ্ৰেছী নেতাই কংগ্ৰেছৰ শীৰ্ষ মহললৈ পত্ৰ লিখি দলৰ নেতৃত্বৰ পৰা ৰিপুন বৰাৰ নাম কৰ্তন কৰাৰ বাবেও অনুৰোধ কৰিছে। ৰিপুন বৰাৰ ডেনিয়েল তপ্ন বিষয়টোৱে আগন্তুক নিৰ্বাচনত যে কংগ্ৰেছক বাৰুকৈয়ে ক্ষতি কৰিব সেয়া নিশ্চিত বুলি জানিয়েই কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

শেহতীয়া তথ্য অনুসৰি প্ৰায় আঢ়ৈ দশক পূর্বে সংঘটিত ডেনিয়েল টপ্ন হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ মুকলি হৈছে৷ আজি ৫ অক্টোবৰত এই গোচৰৰ শুনানি আছিল যদিও আদালতে পৰৱৰ্তী শুনানিৰ দিন গ্ৰহণ কৰিছে। উচচ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ’ব লগীয়া এই শুনানি যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

২০০০ চনৰ ২৭ ছেপ্টেম্বৰ। এই দিনটোতে হত্যা কৰা হৈছিল অসমৰ এক শক্তিশালী যুৱকন্ঠ ডেনিয়েল তপ্নক। চাহ জনজাতি আৰু আদিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰি থকা এগৰাকী সংগ্ৰামী যুৱকক হত্যা কৰা হৈছিল। নিজ পৰিয়ালৰ সমূখতে। গহপুৰৰ এইগৰাকী জনপ্ৰিয় যুৱক ডেনিয়েল তপ্নৰ হত্যাই সেই সময়ত জোকাৰি গৈছিল সমগ্ৰ অসম।

তাৰ পিছতে তেওঁৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল। প্ৰতিবাদত উত্তাল হৈছিল গহপুৰ। সকলো লোকে দাবী কৰিছিল ডেনিয়েলৰ হত্যাকাৰীক শাস্তি দিব লাগে। ডেনিয়েলৰ হত্যাক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজতো আৰম্ভ হৈছিল ৰাজনীতি। উল্লেখ্য যে, ১৯৯১ আৰু ১৯৯৬ চনৰ নিৰ্বাচনত ডেনিয়েল তপ্নই ক্ৰমে নিৰ্দলীয় আৰু তিৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চতুৰ্থ আৰু এবাৰ তৃতীয় স্থান লাভ কৰিছিল। গহপুৰ আৰক্ষীয়ে সেই হত্যাকাণ্ডৰ চাৰিদিন পিছতে গ্ৰেপ্তাৰ কৰি গহপুৰৰ দুজন স্থানীয় কংগ্ৰেছী নেতাক জেললৈ প্ৰেৰণ কৰিছিল।

কোনো কোনো লোকে সেই সময়ত কংগ্ৰেছ নেতা ৰিপুণ বৰাকো এই ঘটনাৰ বাবে জগৰীয়া কৰিছিল। ঘটনাক্ৰমে ইয়াৰ বাবে ৰিপুণ বৰাই ১৮৩/২০০০ নম্বৰৰ গোচৰত আগতীয়া জামিন লৈছিল। ২০০১ চনৰ মে’ মাহত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ পিছত চি আই ডিৰ তদন্ত ঘোষণা কৰে। চি আই ডিৰ তদন্তত ৰিপুণ বৰাক ক্লিনশ্বিট দি নাৰায়ণ গৌড় নামৰ এজন চাহ জনজাতি নেতাক দোষী সাব্যস্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

ডেনিয়েলৰ পৰিয়ালে তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত চি বি আইৰ তদন্তৰ দাবীত ৰীট আবেদন দিয়ে। সেই মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰে ২০০৫ চনত। চি বি আইৰ তদন্তৰ প্ৰতিবেদন এবছৰৰ ভিতৰত জমা দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও যথেষ্ট লেহেমীয়া গতিত চলিছিল তদন্ত। তাৰ মাজতে ২০০৮ চনৰ ৩ জুনত তেতিয়াৰ মন্ত্ৰী ৰিপুণ বৰাক নতুন দিল্লীৰ জুকাচ ইন হোটেলত চি বি আইক উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে তদন্ত চলি থকা সময়তে তদন্তকাৰী বিষয়া এ বি গুপ্তাৰ মৃত্যু হয়।

পিছত ৰিপুণ বৰাই দুয়োটা গোচৰতে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱত ন্যায়ালয়ৰ পৰা ক্লিনশ্বীট পাবলৈ সক্ষম হয়।

এসময়ত ডেনিয়েল তপ্নৰ পৰিয়ালক ন্যায় দিবলৈ আইনী যুজত অৱতীৰ্ণ হোৱাত বিশেষভাবে সহায় কৰা তেতিয়াৰ অধিবক্তা আৰু পিছলৈ সাংসদ হোৱা আৰ পি শৰ্মাই শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিলে। এতিয়া ৰিপুণ বৰা নেতৃত্বাধীন দলৰে সদস্য এই আৰ পি শৰ্মা।

চি বি আয়ে দাখিল কৰা পুনৰ নিৰীক্ষণৰ আৱেদন গুৱাহাটী উচচ ন্যয়ালয়ে ২০১৪ চনতে গ্রহণ কৰিছিল যদিও ৰহস্যজনক কাৰণত পৰৱর্তী সময়ত উক্ত আৱেদনখনৰ শুনানি দীর্ঘকাল অনুষ্ঠিত হোৱা নাছিল৷ ইয়াৰ পাছত সুদীর্ঘ ছবছৰৰ পাছত যোৱা ফেব্রুৱাৰী মাহত পুনৰ উক্ত গোচৰটোৰ শুনানি মুকলি কৰা হয়৷

অৱশ্যে লকডাউনৰ বাবে উক্ত গোচৰটোৰ শুনানি হোৱা নাছিল যদিও আনলক আৰম্ভ হোৱাৰ পাছত এতিয়া পুনৰ শুনানি আৰম্ভ হোৱা কার্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে যিসমূহ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ চলি আছে সেই গোচৰসমূহ শীঘ্রে নিষ্পত্তি কৰিবৰ বাবে নির্দেশ দিছিল৷ উক্ত নির্দেশৰ পাছতেই ৰিপুন বৰাৰ বিৰুদ্ধে থকা গোচৰৰ শুনানি আৰম্ভ হোৱা বিষয়টো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply