নিউজ ডেস্ক: বিশ্ব দৰবাৰত পুনৰ উজ্বলি উঠিছে অসমৰ হৃদয় হাজৰিকা। আজাৰবাইজানৰ বাকু চহৰত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত অসমৰ শ্বুটাৰ হৃদয় হাজৰিকা ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। হৃদয়ৰ এই জয়ে লগতে ৰাজ্যৰ নামো উজলাই তুলিবলৈ সক্ষম হৈছে।
শুকুবাৰে অনুষ্ঠিত হোৱা এই ইভেন্টত ২৫২.৪ পইণ্ট লাভ কৰি হাংগেৰীৰ শ্বুটাৰ জালান পেকলাৰে স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ বিপৰীতে ভাৰতৰ হৈ অংশগ্ৰহণ কৰা হৃদয়ে ২৫১.৯ পইণ্টেৰে দ্বিতীয় স্থানত থাকে। ইফালে চীনৰ লিহাত্ম’ চেঙে ব্ৰঞ্জৰ পদক লাভ কৰে।
হৃদয়ৰ এই সাফল্যত অসম ৰাইফল আৰু শুটিং সন্থাৰ সম্পাদক ভৱ কলিতাৰ লগতে জন্মভূমি নাৰায়ণপুৰ্ব্বাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে, ১৪ মে’ত গুৱাহাটীলৈ উভতিবলগীয়া হৃদয়ৰ এইটো ছিনিয়ৰ শাখাৰ প্ৰথমটো পদক। ইয়াৰ পূৰ্বে হৃদয়ে কাইৰো আৰু ভূপালত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপত অংশগ্রহণ কৰিছিল যদিও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
লগতে পঢ়ক – প্ৰসংগ: ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ ৰায়দান, অভিযুক্তৰ অসুস্থতাৰ বাবে ৰায়দান দিন পিছুৱালে