অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত।
অসমৰ মনোহাৰী গল্ড টি বিশ্বৰে এক বিৰল জাতৰ চাহ। মনোহাৰী গ’ল্ড টি বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও পৰিচয় আছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গ’ল্ড টি প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত।
হায়দৰাবাদৰ ক্লায়েণ্ট কেফে নিলোফাৰ টি ইনটেকৰ নিলাম প’ৰ্টেলৰ জৰিয়তে হোৱা নিলামত ডিব্ৰুগড়ৰ মনোহাৰী গ’ল্ড টিয়ে এই মূল্য লাভ কৰিছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় টি ব’ৰ্ডৰ কেপ সৰ্বোচ্চ ১ লাখ টকা থকাত পূৰ্বৰ অভিলেখ ভংগ কৰি নিলাম প’ৰ্টেলৰ জৰিয়তে প্ৰতি কিল’গ্ৰাম চাহ ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হয়।
উল্লেখ্য যে, মনোহাৰী গ’ল্ড টি বিশ্বৰ ভিতৰতে এক বিৰল জাতৰ চাহ। এই চাহ চেকেণ্ড ফ্লাছৰ সময়ত, বহু উন্নত ক্লন পি-১২৬ৰ সহায়ত তৈয়াৰ কৰা হয়। ইয়াৰ বাবে পুৱা ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰতেই পাত তুলি লোৱা হয়।