গুৱাহাটী : অনুৰ্দ্ধ ১৭ বছৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত অসমৰ মায়াঙ্ক চক্ৰবৰ্ত্তী চেম্পিয়ন। অসমৰ মায়াঙ্ক চক্ৰবৰ্ত্তীয়ে শনিবাৰে অন্ত পৰা অনুৰ্দ্ধ ১৭ বছৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাত বিজয়ী হৈছে। মায়াঙ্কে ১১ ৰাউণ্ডৰ পৰা ৮. ৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰে।
তামিলনাডুৰ এছ হৰ্সদেও ৮.৫ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। তামিলনাডুৰে হৰ্ষ সুৰেশে ৮ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। এই জয়ৰ সুত্ৰে মায়াঙ্কে ৯০,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰে।
লগতে পঢ়ক – চৰাইদেউ বৰহাটত ১০দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰ্চাৰী খেলৰ কৰ্মশালা
এই জয়ৰ সুত্ৰে মায়াঙ্কে ২০২৩ চনত অনুৰ্দ্ধ ১৮ বছৰ দবা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগিতাখন ৩০জুনৰ পৰা ৯ জুলাই, ২০২২ লৈ উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত হৈছিল আৰু সৰ্বভাৰতীয় দবা মহাসংঘৰহৈ উৰিষ্যা দবা সন্থাই আয়োজন কৰিছিল।