শিলচৰ: দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ পৰা মিজোৰামলৈ ৰে’লপথ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে অসম আৰু মিজোৰামৰ মাজত ৰে’লপথযোগে সংযোগ স্থাপন হ’ব। উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ পৰা মিজোৰামৰ মামিতলৈ স্থাপন হ’ব ৰে’লপথ।

কৰিমগঞ্জৰ বিজেপি সাংসদ কৃপানাথ মাল্লাৰ নেতৃত্বত এটা দলে শনিবাৰে নতুন দিল্লীৰ ৰে’ল ভৱনত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে। দলটোৱে পাথাৰকান্দি ৰে’ল ষ্টেচনৰ উন্নয়ন সম্পৰ্কীয় বিভিন্ন দাবী পূৰণৰ বাবে এখন স্মাৰকপত্ৰ দাখিল কৰে, য’ত আছে পাথাৰকান্দিৰ পৰা মামিত জিলাৰ কানমুহনলৈ ৰে’ল সংযোগৰ বিষয়টো।

প্ৰতিনিধি দলটোৰ সদস্যসকলে পাথাৰকান্দি ৰে’ল ষ্টেচনৰ সাম্প্ৰতিক অৱস্থাৰ কথা ৰে’ল মন্ত্ৰীক অৱগত কৰি কয় যে জিলাখনৰ অন্যতম ব্যস্ত ৰে’ল ষ্টেচন ষ্টেচনটোৰ আন্তঃগাঁথনি উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

দলটোৱে মুখ্যতঃ পাথাৰকান্দিৰ পৰা মিজোৰামৰ মামিত জিলালৈ ৰে’ল সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰীক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায়। ইয়াৰ প্ৰত্যুত্তৰত ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে দাবীসমূহ পূৰণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

পাথাৰকান্দি উন্নয়ন সমিতিৰ অধ্যক্ষ কৃষ্ণ দেৱনাথে এই সন্দৰ্ভত কয়, “আমি পাথাৰকান্দি ৰে’ল ষ্টেচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক অৱগত কৰিছো আৰু ইয়াৰ ফেচলিফ্টৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ আহ্বান জনাইছো। দীঘলীয়া দূৰত্বৰ ৰে’লবোৰ পাথাৰকান্দিত নৰয় আৰু সেয়েহে তেওঁক বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ কৰিছো, যাতে ৰে’লবোৰ এই ষ্টেচনত ৰয়। ৰে’ল মন্ত্ৰীগৰাকীয়ে আমাৰ দাবীবোৰ মনোযোগেৰে শুনিছে আৰু আমাক শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে।”

তেওঁ লগতে কয় যে ২০১৫ চনত পাথাৰকান্দিৰ পৰা মামিত জিলাৰ কানমুহনলৈ ৰে’ল সেৱা সম্প্ৰসাৰিত কৰাৰ বাবে এটা জৰীপ কৰা হৈছিল কিন্তু প্ৰকল্পটো এতিয়াও বাস্তৱায়িত হোৱা নাই।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দলটোক ৰে’’ল মন্ত্ৰালয়ে অসমত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা চলাই থকাৰ কথাও ব্যক্ত কৰিছে বুলি কয় দেৱনাথে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply