নিউজ ডেস্ক : ইটালীৰ কাটোলিকা দবা প্ৰতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে অসমৰ চাহিল দে। ৪ জুনৰ পৰা ১১ জুন ২০২২ লৈ ইটালীৰ কাটোলিকা চহৰত অনুষ্ঠিত হোৱা কাটোলিকা দবা প্ৰতিযোগিতাত ৯ ৰাউণ্ডৰ পৰা ৬.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰিছে চাহিল দে।

ইটালীৰ গ্ৰেণ্ডমাষ্টাৰ চাবিনো ব্ৰুনেলোই ৭ পইণ্টেৰে প্ৰথম স্থান আৰু জৰ্জিয়াৰ গ্ৰেণ্ডমাষ্টাৰ লেভান পেণ্টচুলাইয়াই ৬.৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই ফলাফলেৰে চাহিল দে প্ৰথমটো গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰে আৰু দুটা নৰ্ম অৰ্জন কৰিলে আৰু ৰেটিং পইণ্ট ২৫০০ লৈ বৃদ্ধি কৰিলে গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰিব।

লগতে পঢ়ক –  চৰাইপুঙৰ কিশোৰী অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ডক কৰায়ত্ত্ব কৰাৰ বাবে আৰক্ষীক সম্বৰ্ধনা গোৰ্খা ছাত্ৰ সন্থাৰ

চাহিল দেৰ বৰ্তমানৰ ৰেটিং ২৩৬৬। চাহিল দে এই কৃতিত্বৰ বাবে সদৌ অসম দবা সন্থা, গুৱাহাটী দবা সন্থা আৰু গুৱাহাটী দবাএকাদেমীয়ে অভিনন্দন জনাইছে অসমৰ চাহিল দেক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply