বিশ্ব বক্সিংত চেম্পিয়নশ্বিপত অসম সন্তান শিৱ থাপাই অংশগ্ৰহণ কৰিব।
এছিয়ান চেম্পিয়নশ্বিপৰ ছয়বাৰৰ পদক বিজয়ী শিৱ থাপাই IBA পুৰুষ বিশ্ব বক্সিংত যোগদান কৰিব। এই প্ৰতিযোগিতাখন অহা ৩০ এপ্ৰিলৰ পৰা ১৪ মে’লৈ উজবেকিস্তানৰ তাছকেন্দত অনুষ্ঠিত হ’ব।
জানিব পৰা মতে, ২০১৫ চনত কাটাৰৰ দোহাত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ শিৱ থাপাই ৬৩.৫ কেজি শাখাত দেশক প্ৰতিনিধিত্ব কৰিব।
আৰু ভাৰতীয় দলৰ খেলুৱৈসকল ক্ৰমে- গোবিন্দ সাহানী (৪৮ কিলোগ্ৰাম), দীপক ভোৰিয়া (৫১ কিলোগ্ৰাম), শচীন চিৱাচ (৫৪ কিলোগ্ৰাম), মহম্মদ হুচামুদ্দিন (৫৭ কিলোগ্ৰাম), বৰিন্দৰ সিং (৬০ কিলোগ্ৰাম), শিৱ থাপা (৬৩.৫ কিলোগ্ৰাম), আকাশ চাংৱান (৬৭ কিগ্ৰা), নিশান্ত দেৱ (৭১ কিলোগ্ৰাম), সুমিত কুণ্ডু (৭৫ কিলোগ্ৰাম), আশীষ চৌধুৰী (৮০ কিলোগ্ৰাম), হৰ্ষ চৌধুৰী (৮৬ কিলোগ্ৰাম), নবীন কুমাৰ (৯২ কিলোগ্ৰাম) আৰু নৰেন্দ্ৰ বেৰৱাল (৯২+কিলোগ্ৰাম)।