উজ ডেস্ক: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত জিলিকিল অসমৰ পাট কাপোৰ। বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ মডেলে পৰিধান কৰিলে ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা অসমৰ পাট কাপোৰ।


শেহতীয়াকৈ সমাপ্ত হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ৰ ৭৬ সংখ্যক সংস্কৰণত অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন আৰু মিৰ্কা হাৱাৰ্ডে দৰ্শনীয় হস্তনিৰ্মিত সংযুক্তা দত্তৰ এনচেম্বল বস্ত্ৰ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ কাঢ়িছিল।


আন্তঃৰাষ্ট্ৰীয় মডেলিঙত ১৫ বছৰীয়া কেৰিয়াৰ গঢ়ি তোলা আৰু “Top Model United Kingdom Winner” আৰু “Miss Film Festival International” খিতাপকে ধৰি বহু প্ৰশংসা লাভ কৰা ইংগ্ৰিডা ইলগিনে হাতেৰে নিৰ্মিত মালবেৰী ৰেচমৰ সেউজীয়া ৰঙৰ গাউন পিন্ধি ৰেড কাৰ্পেটত খোজ দিয়ে। লগতে, শীৰ্ষ নিউয়ৰ্কৰ মডেল মিৰ্কা হাৱাৰ্ডে ৰেড কাৰ্পেটত ক’লা মেখেলা চাদৰ পিন্ধি ৰেড কাৰ্পেটত খোজ কাঢ়িলে। এই দুয়োযোৰ বস্ত্ৰ অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply