নিউজ ডেস্ক- একেদিনাই তিনিটাকৈ সোণৰ পদক জয় অসম সন্তানৰ। কালি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশৰ হৈ অসমৰ তিনিগৰাকী সন্তানে সোণৰ পদক জয়লাভ কৰে।

উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমলৈ এই সন্মান কঢ়িয়াই আনে পপী হাজৰিকা, সিদ্ধান্ত গগৈ আৰু বেদৱত ভৰালীয়ে। শিৱসাগৰৰ পপী হাজৰিকাই প্ৰতিযোগিতাৰ মহিলাৰ ৫৯ কেজি ছিনিয়ৰ শাখাত সেটচত ৮৪ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কেজি ভাৰ উত্তোলন কৰি সোণৰ পদক জয় কৰে।

ইফালে বেদৱত ভৰালীয়ে য়ুথৰ ৬৭ কেজি শাখাত, স্লেটচত ১২১ কেজি, ক্লীন এণ্ড জাৰ্কত ১৪৮ কেজি ভাৰ উত্তোলন কৰি সোণৰ পদক লাভ কৰে। আনহাতে, চৰাইদেউ সিদ্ধান্ত গগৈয়ে জুনিয়ৰৰ ৬১ কেজি শাখাত সোণ জয় কৰে। তেওঁ সেটচত ১১২ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১৪৮ কেজি উত্তোলন কৰে।

উল্লেখ্য যে, উক্ত প্রতিযোগিতাখনত ২০খন দেশৰ ২৫০গৰাকীতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply