নিউজ ডেস্ক: আজি ঘোষণা হ’ল কেন্দ্ৰীয় লোকসভা আয়োগ ২০২২ৰ চুড়ান্ত ফলাফল। অসমলৈ সুনাম কঢ়িয়াই আনিলে তেজপুৰৰ ময়ুৰ হাজৰীকাই। দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে ময়ুৰ হাজৰীকাই। তেওঁৰ লগতে ২৯৮ স্থান দখল কৰিছে অসমৰ মহম্মদ আইদুল আহমেদে।
উল্লেখ্য যে ময়ুৰ হাজৰীকা পেচাত এগৰাকী চিকিৎসক । এইগৰাকী মেধাৱী ছাত্ৰই ২০১৩ চনত হাইস্কুল শিক্ষান্তত তেজপুৰ ডনবস্ক হাইস্কুলৰ পৰা দশম স্থান লাভ কৰিছিল লগতে ২০১৫ চনত ৰামানুজ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্য়মিকত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।