নিউজ ডেস্ক- উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অসম সন্তান উজ্জ্বল ভূঞাই শপত গ্রহণ কৰে। তেওঁৰ লগতে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটানাৰায়ণ ভাট্টিয়ো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

দুয়োগৰাকী ন্যায়াধীশক ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। আজি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ন্যায়াধীশ উজ্জ্বল ভূঞাক শপত গ্ৰহণ কৰোৱায়।

জানিব পৰা মতে, ন্যায়াধীশ উজ্জ্বল ভূঞাক ২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ আৰু বৰ্তমান ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিক ২০১৩ চনৰ ১২ এপ্ৰিলত অন্ধ্র প্রদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ।

উল্লেখ্য যে, বুধবাৰে অসম সন্তান তথা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়ে। জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply