নিউজ ডেস্ক- অসম ক্রিকেটৰ বাবে এক সুখবৰ। হংকত অনুস্থিত হ’বলগা এ চি চি ইমার্জিং মহিলা এছিয়া কাপত ৰাজ্যখনৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় ‘এ’ দলত খেলিবলৈ স্থান লাভ কৰিছে।

ধাৰাবাহিক প্ৰদৰ্শন আৰু উইকেটকীপিঙৰ লগতে বেটিঙটো দক্ষতা দেখুৱাই এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় ‘এ’ দলত স্থান লাভ কৰিলে উমাই।

উল্লেখ্য যে, অহা ১২ জুনৰ পৰা আৰম্ভ হ’বলগা উক্ত প্রতিযোগিতাখনত এছিয়াৰ আঠখন দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ গ্ৰুপত আছে হংকং, থাইলেণ্ড আৰু পাকিস্তান।

আনহাতে, ১৩ জুনত হংকঙৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব। ১৫ জুনত থাইলেণ্ড আৰু ১৭ জুনত পাকিস্তানৰ লগত পৰৱৰ্তী লীগ মেচ দুখন খেলিব। অসমৰ মহিলা ক্রিকেটত পৰিচিত নাম উমা চেত্ৰী মূলতঃ উইকেটৰক্ষক বেটাৰ হিচাপে অংশগ্ৰহণ কৰিব। শ্বেতা শ্বেৰাটৰ নেতৃত্বত গঠিত দলটোত কেইবাগৰাকী মহিলা প্রিমিয়াৰ লীগত খেলা খেলুৱৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply