ৰংমন দাস

বিগত কিছুদিনৰ পৰা ভীষণ মানসিক অস্থিৰতাত ভুগিছো। পিতৃ, পুত্ৰ বা স্বামী হিচাপে নহয়, সাংবাদিক হিচাপে। এয়া সম্ভৱতঃ মোৰেই হোৱা নাই, বহুজনৰ হৈছে। ক’ভিডৰ সময়ত পত্নীক হাস্পতাললৈ লৈ যাবলৈ অটোৰিক্সা এখন যোগাৰ কৰিবলৈ অসমৰ্থ হোৱা সাংবাদিকজনৰ পৰা আৰম্ভ কৰি একমাত্ৰ পৰিয়ালটোৰ বাবে, চাকৰিৰ উপৰিও আন বহু সৰু সৰু কামেৰে নিশা এপৰলৈ সাৰে থকা সাংবাদিকজনলৈ, মনত একেজাক ধুমুহা। আমি সাংবাদিক বুলি গৌৰৱান্বিত। আমাৰ গৌৰৱেৰেই কাকত চলিছে, চেনেল চলিছে, হয়তো সংবাদ মাধ্যমেই চলি আছে।  ৰাজনৈতিক নেতাৰ এৰেহাৰ বাতৰি পৰিৱেশন নকৰাকৈও তেওঁলোক গৌৰৱান্বিত, স্বাভিমানী। কোনে কিয় সাংবাদিকক নিতৌ লাঞ্ছনা-গঞ্জনা কৰিবলৈ লৈছে, কিয় আমি সৎ সাংবাদিক বুলি স্পষ্টীকৰণ দিবলগীয়া হৈছে? এয়াতো আমি স্বইচ্ছাই বাচি লোৱা পথেই আছিল! ইয়াৰ পংকিলতাৰ কথা জানিওতো আমি ভৰি থৈছিলো! সময় সলনি হ’ল, ৰাম-ৰহিম-অযোধ্যা চব সলনি হ’ল। কিয় হঠাৎ এনে এক পৰিৱেশৰ সৃষ্টি হ’ল, য’ত আমি Proud to a journalist হেশ্বটেগ লিখি মনৰ কথা ক’বলগীয়া হ’ল। নিজৰ সততা প্ৰমাণ কৰিবলগীয়া হ’ল! সেয়া বিশ্লেষণ কৰিবলৈ আৰু বিচৰা নাই, এতিয়াতো আমি বেতনভোগী কৰ্মচাৰী মাথো। তথাপি সাংবাদিকতাৰ ভাল দিনবোৰ আকৌ উভতি আহিব, বাতৰিৰ ধামখুমীয়াৰ মাজতো Slow Journalism এ মূৰ দাঙি থিয় হৈ ৰ’ব। ৰাজনীতিৰ পৰা আঁতৰিও সমাজৰ শতসহস্ৰ বিষয়ে আমাৰ কলমত ঠাই পাব, আমাৰ আঙুলিত জিলিকি উঠিব। অপেক্ষা কৰিম অথবা এই সংগ্ৰামত ভাগৰুৱা অনুভৱ কৰিলেই আঁতৰি যাম।

বাৰু, যাহওঁক! দুদিন পূৰ্বে এনডিএফবিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাবাসৰ ৰায় আদালতে বাহাল ৰাখিলে। সেয়া বাতৰি হ’ল, আমি বাতৰি লিখিলো, মনত আমাক অপবাদ দিয়া কথাবোৰৰ বেজাৰ লৈ পৰৱৰ্তী দিনৰ প্ৰতিবেদনত ব্যস্ত হৈ পৰিলো। মই প্ৰথমটো শাৰীতে কোৱা মানসিক অস্থিৰতাৰ অন্যতম কাৰণ এইটোও আছিল। ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাবাসৰ ৰায় বাহাল। আমিবোৰৰ অলক্ষিতে এই ৰায়ক লৈ বড়ো সমাজ আৰু অবড়ো সমাজৰ মাজৰ মানসিক স্থিতিবোৰ কিন্তু থৰক-বৰক হ’বলৈ আৰম্ভ কৰিছে। জেনোফোবিক, ইছলামোফ’বিয়া, হিন্দুত্ববাদৰ বিষয়বোৰে ছ’চিয়েল মিডিয়া আৰু বন্ধ কোঠাৰ আড্ডাৰ বিষয় হৈ, এটা সময়ত বিস্ফোৰক ৰূপ ধাৰণ কৰাৰ দৰে বিষয় কিন্তু নহয় এই বড়ো-অবড়োৰ মাজত পুনৰ সৃষ্টি হ’ব ধৰা ফাঁটটো। সংগোপনে এই ঘৃণা বৃদ্ধি পাবলৈ ধৰিছে। বৃহত্তৰ অসমীয়া সমাজ এখন নাই বাবেই আজি অবড়ো সমাজ বুলিছো। সেয়া বাৰু দুৰ্ভাগ্যই আমাৰ।

আদালতৰ ৰায়, ৰঞ্জন দৈমাৰীৰ অপৰাধৰ আলোচনা বা তুলনা কৰা নাই। সেয়া আইন আদালতৰ বিষয়। কিন্তু বড়ো সমাজৰ দীৰ্ঘকালৰ ত্যাগ, আৰু সেইবোৰৰ আঁৰৰ কাৰণবোৰ এতিয়া কেৱল ৰাজনৈতিক কাৰণ হৈ থকা নাই। সেয়া বড়োসকলৰ স্বাভিমান আৰু আবেগৰ বাহক হৈ পৰিছে। তাৰ বাবেই কালি সাংবাদিকৰ সমূখত মন্তব্য কৰিছে ক্ষোভ ব্যক্ত কৰিছে তৃতীয় বড়ো শান্তি চুক্তি তথা বিটিআৰ চুক্তিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, লগতে এনডিএফবিৰে আলোচনাত মধ্যস্থতাকাৰীৰ ভুমিকাত থকা ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে।

পৃথ্বিৰাজে যদিও এই জটিল বিষয়টোক অতি সৌম্যভাৱে বৰ্ণনা কৰিছে, সৰ্বসাধাৰণ বড়ো ৰাইজৰ মাজত কিন্তু ৰঞ্জন দৈমাৰীৰ এই বিষয়টোৱে গভীৰভাৱে ৰেখাপাত কৰিছে। দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়ত বিতুষ্ট হৈ কালি বিটিআৰ বন্ধৰ আহ্বান জনাইছিল প্ৰাক্তন এনডিএফৰ লগতে অসংগঠিত একাংশ লোকে। সেই বন্ধৰ সফলতা বিফলতা আলোচ্য বিষয় নহয়। কিন্তু বিটিআৰৰ একাংশ অবড়ো লোকে প্ৰকাশ্যে এই বন্ধৰ বিৰোধিতা কৰিলে। বন্ধৰ বিৰোধিতাৰ এইবোৰ আলোচনাৰ মাজেৰে পুনৰবাৰ স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে বড়োভূমিত বড়ো-অবড়োৰ মানসিক সংঘাতৰ বিষয়বোৰ। কেৱল সেয়াই নহয় বিটিআৰৰ বাহিৰৰ একাংশ অত্যুৎসাহীয়েও এই ভাৰ্চুৱেল আৰু মানসিক সংঘাতত সাৰ-পানী যোগোৱাত হীন-দেৰি নকৰিলে। এতিয়া বড়োভূমিত উগ্ৰবাদৰ বিষয়বোৰ শাম কাটিছে। স্বাভাৱিক জীৱনযাত্ৰাই মূৰ দাঙি উঠিছে। ইয়াত আমি প্ৰয়োজনাধিক অসমীয়াগিৰি নেদেখুৱালেও কোনো শান্তি বিঘ্নিত নহয়।

যেতিয়াই অসমীয়াভাষীসকলে, আকৌ কৈছো অসমীয়াভাষীসকলে যিদিনাই প্ৰয়োজনাধিক অসমীয়া হোৱা পৰিহাৰ কৰিব সিদিনাই আমাৰ জনগোষ্ঠীয় সমস্যা বহুখিনি সমাধান হ’ব৷ এতিয়াও কাৰ্বিভূমিৰ মানুহখিনিয়ে নিজকে কাৰ্বি বুলি পৰিচয় দি ভাল পায়, বড়োভূমিৰ মানুহে নিজকে বড়ো বুলি পৰিচয় দি ভাল পায়। অসমীয়া বুলি নহয়। এয়াই বাস্তৱ সত্য। কিতাপ-কাগজৰ বা টেলিভিছনৰ ষ্টুডিঅ’ৰ সত্যবোৰৰ দৰে নহয় এই সত্য। অসম সাহিত্য সভাই যদি আজিৰ পৰা অন্ততঃ পছিশ-ত্ৰিশবছৰ পূৰ্বে অসমীয়া সাহিত্য সভাৰ দৰে আচৰণ নকৰিলেহেঁতেন, হয়তো আজি আমি বড়ো সাহিত্য সভা, দেউৰী সাহিত্য সভাৰ নামো নুশুনিলোহেতেন। বড়ো-কছাৰী-কাৰ্বি-দেউৰী সাহিত্যই অসম সাহিত্য সভাকেই টনকিয়াল কৰি ৰাখিলেহেতেন। অসমৰ অন্যান্য থলুৱা ভাষা-সংস্কৃতিৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰাটোৱে অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ কেৰোন আৰু এই কেৰোন সৃষ্টিত চৰকাৰৰো অৰিহণা আছে। ৰঞ্জন দৈমাৰীয়ে ২০২০ চনত অন্তৱৰ্তীকালীন জামিন লাভ কৰোতে হাজাৰ হাজাৰ মানুহে তেওঁক এজন নায়কৰ সন্মানেৰে আদৰি নিয়া মনত আছে৷ গুৱাহাটীত বোমা ফুটাই সাধাৰণ মানুহক হত্যা কৰা বুলি অভিযুক্ত এজনৰ সপক্ষে ইমান মানুহ যে আছে, সেইটো বৰ আচৰিত কথাই৷ কাজেই এতিয়াৰ এনে এক পৰিৱেশ স্বাভাৱিক। নিতান্তই স্বাভাৱিক।

কট্টৰপন্থী অসমীয়াখিনিক বাদ দি মূলত ৰঞ্জন দৈমাৰীৰ ফাচীৰ দাবী তুলিছে কোনে সেয়া প্ৰশ্ন নকৰি আমি সেইবোৰ অঞ্চলত ঘুৰি ফুৰি এটা কথা কিন্তু বুজি উঠিছো যে খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ এক বৃহৎ সংখ্যক লোক এতিয়াও ৰঞ্জন দৈমাৰীৰ প্ৰতি সহানুভূতিশীল৷ এনে পৰিস্থিতিত বিগত বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত বিক্ষুদ্ধ হৈ থকা বড়োসকলৰ পৰা তেওঁ এনে সন্মান পোৱাত অস্বাভাৱিকতা একো নাই৷ মনত ৰাখিব লাগিব যে তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰীও আছিল এইজন ৰঞ্জন দৈমাৰী। এই কথাক লৈ ভগ্নী অঞ্জলী দৈমাৰীয়ে কৈছে – স্বাক্ষৰকাৰীক ৰেহাই নিদিয়া চুক্তিখন কেনেকৈ শান্তিৰ চুক্তি হ’ব পাৰে? বৰ্তমানৰ চৰকাৰৰ অংশীদাৰ ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱেও দৈমাৰীৰ শাস্তিৰ ৰায় বাহাল থকা বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে।

বিটিআৰ প্ৰধানৰ ভাষ্যত স্পষ্টকৈ প্ৰকাশ পাইছে যে এতিয়াও বড়ো সমাজ বড়ো শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ প্ৰতি এতিয়াও পূৰ্ণ সমৰ্পিত। সেয়া যি কি নহওক, এনে এক দোদুল্যমান পৰিস্থিতিত শান্তি বিঘ্নিত নহ’বলৈ আমিয়েইতো হাত আগবঢ়াব লাগিব! চৰকাৰৰ অংশ হৈও প্ৰমোদ বড়োৰ এই ভাষ্য নিসন্দেহে তাৎপৰ্যপূৰ্ণ। ৰাজনৈতিক অংক থাকিব। তেতিয়ালৈ সমাজখনৰ শান্তি অটুট ৰাখিবৰ বাবে কিবা অকণ কৰোচোন!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply