নিউজ ডেস্ক: গুৱাহাটী মহানগৰীৰ ভিতৰত প্ৰৱেশত বাধা ASTC বাছৰ৷ ২ জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা৷ মালিগাঁৱত ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰি থকাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা৷
তীব্ৰ যানজঁটৰ বাবে ASTC বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ(মহানগৰ) জিলা প্ৰশাসনৰ। মালিগাঁও হৈ আহিব নোৱাৰিব পৰিবহণ নিগমৰ দূৰণিবটীয়া বাছ।
মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণ হৈ থকাৰ পৰিপেক্ষিতত সমগ্ৰ অঞ্চলটোত তীব্ৰ যান-জঁট সৃষ্টি হোৱা বাবে গুৱাহাটীৰ বাহিৰৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সমূহৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তই৷
সেই অনুসৰি দূৰণিবটীয়া স্থানৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গড়চুক, লখৰা, বেলতলা, খানাপাৰা হৈ ৰূপনগৰ আস্থানলৈ আহিব লাগিব৷