নিউজ ডেস্ক- নিশা যেন অপৰাধৰ ঘাটি হৈ পৰে মহানগৰী। নিশা হ’লেই মহানগৰীত চলে ন ন কাণ্ড। মদ, ভাং, ড্রাগছ, নকল সোণৰ পাছতেই এইবাৰ মহানগৰীত নিশা চলে জুৱাৰ আড্ডা।  

মহানগৰীৰ বশিষ্ঠত নিশা হ’লেই চলে জুৱাৰ আড্ডা। বশিষ্ঠ থানাৰ সন্মুখতে জুৱাৰ আড্ডা বহে একাংশ জুৱাৰীৰ।

জানিব পৰা মতে, গেমন ইণ্ডিয়াৰ একাংশ কৰ্মচাৰীয়ে এই জুৱাৰ আড্ডাৰ আগভাগ লৈ আহিছে আৰু একাংশ ব্যক্তি নির্মীয়মান উৰণীয়া সেঁতু নিৰ্মাণৰ কামত জড়িত। দিনৰ দিনটো উৰণীয়া সেঁতু নিৰ্মাণৰ কাম কৰি নিশা হলেই পাতে জুৱাৰ আড্ডা।

উল্লেখ্য যে, বশিষ্ঠ থানাৰ সন্মুখতে চলি থকাৰ এই জুৱাৰ আড্ডাৰ কথা যেন গম নাপায় বশিষ্ঠ আৰক্ষীয়ে। এই কথাক লৈ এতিয়া একাংশ ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply