নিউজ ডেস্ক: বিহাৰৰ ছাপ্ৰা জিলাত এজন যুৱকৰ কাণ্ডই আৰক্ষীৰ চকু কপালত তুলিছে। সুধীৰ মিশ্ৰ নামৰ এজন যুৱকে নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিয়াৰ নামত এ টি এম ভঙাৰ প্ৰশিক্ষণ দিছে।
এটা ষ্টাৰ্টআপৰ জৰিয়তে যুৱকজনে নিবনুৱা যুৱকসকলক মাত্ৰ ১৫ মিনিটতে এ টি এম ভাঙি তাৰ পৰা ধন উলিয়াই নিয়াৰ কৌশল শিকায়। দেশৰ বিভিন্ন প্ৰান্তত সুধীৰ মিশ্ৰই এনেদৰে ষ্টাৰ্টআপ কোম্পানীৰ আঁৰ লৈ অপৰাধ সংঘটিত কৰি আহিছিল। ইতিমধ্যে সুধীৰ মিশ্ৰৰ দ্বাৰাৰ প্ৰশিক্ষিত যুৱকে লক্ষ্মৌৰ বিভিন্ন স্থানৰ পৰা এ টি এম ভাঙি বিগত সময়ছোৱাত প্ৰায় ৩৯.৫৮ লাখ টকা উলিয়াই নিছিল।
অৱশ্যে সীতামাৰী জিলাৰ আৰক্ষীয়ে সুধীৰ মিশ্ৰৰ শিষ্যই এ টি এম ভঙাৰ যো-জা চলাই থকা অৱস্থাতে চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বিগত এবছৰ ধৰি সুধীৰ মিশ্ৰৰ গেঙে ৩০টাৰো অধিক এ টি এম ভাঙি টকা উলিয়াই নিছিল।
বৰ্তমান এই অপৰাধে আৰক্ষীৰ বিভাগত কঁপনিৰ সৃষ্টি কৰিছে।