হাজো : হাজোৰ বুল্লুটত দুৰ্বৃত্তৰ আক্ৰমণত আহত পাঁচজনকৈ লোক। আহত সকলৰ ভিতৰত আছে এটি ছমহীয়া শিশু আৰু মহিলা। ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই এই আক্ৰমণত ঘটনা সংঘটিত হৈছে।
কামৰূপ জিলাৰ হাজোৰ বুল্লুটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ চলায় পৰিয়াল এটাৰ ওপৰত। ভূমি কেন্দ্ৰিক বিবাদৰ বাবাই দুৰ্বৃত্তৰ দলটোক পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলাই পাঁচজনকৈ লোকক আহত কৰে।
চফুৰ আলী নামৰ এজন লোকৰ পৰিয়ালৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণত কৰাত এটি ছমহীয়া শিশু আৰু মহিলাসহ মুঠ পাঁচজনকৈ লোক আহত হৈছে। দুৰ্বৃত্তৰ দলটোৱে বুল্লুট চাৰিআলিত থকা চফুৰ আলীৰ দোকান ঘৰ দখল কৰাৰ বাবে আক্ৰমণ চলাইছিল।
লগতে পঢ়ক – বলিউডৰ ছবিক পিছ পেলাই মুক্তিৰ প্ৰথম সপ্তাহতে ‘হিট’ লোকেল উৎপাত
আক্ৰমণৰ বলি হোৱা পৰিয়ালটৱে অভিযোগ কৰে যে দোকানৰ ভূমি দখল কৰাৰ বাবে দুৰ্বৃত্তৰ দলটোৱে লাঠি আৰু চোকা অস্ত্ৰলৈ আক্ৰমণ চলাইছিল। দুৰ্বৃত্তৰ দলটোৱে ছমহীয়া শিশুটিকো আক্ৰমণ চলায়। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰিছে।