ৰঙিয়া : পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰই ডিজে মিউজিক বজোৱাৰ বাবে আক্ৰমণ। ৰঙিয়াত ডিজে মিউজিক বজোৱাৰ বাবে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ছাত্ৰক মাৰধৰ। আহত ছাত্ৰজনক সংকটজন অৱস্থাত চিকিৎসালয়ত ভৰ্তি।

মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ভাল ফলাফল লাভ কৰি আনন্দিত হৈ ডিজে মিউজিক বজোৱাৰ বাবে এজন ছাত্ৰক মাৰধৰ কৰাৰ এক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত। ৰঙিয়া বিহাপাৰাত সংঘটিত হৈছে এই ঘটনা।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিহাপাৰাৰ আফটাৰ হুছেইন নামৰ এজন ছাত্ৰই ঘৰত ডিজে মিউজিক বজাই আছিল তেনে সময়তে ছাত্ৰজনৰ ঘৰত চাৰিজন যুৱক প্ৰৱেশ কৰি ছাত্ৰজনক মাৰধৰ কৰে। চাৰি যুৱকৰ আক্ৰমণত ছাত্ৰজন অচেতন হৈ মাটিত ঢলি পৰে।

লগতে পঢ়ক –  বোকাখাতত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৩৪ তম শ্বহীদ দিৱস উদযাপন

ইয়াৰ পিছতে ছাত্ৰজনৰ পৰিয়ালৰ লোকে ছাত্ৰজনক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত ছাত্ৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আজিবুৰ ৰহমান, মহিবুদ্দিন আলী, আকবৰ ৰহমান আৰু চাইফুদ্দিন আলীয়ে মাৰধৰ কৰাৰ অবহুযোগ পৰিয়ালৰ লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply