নিউজ ডেস্কঃ আজি জনতা ভৱনত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত পশুপালন আৰু পশু চিকিৎসা, দুগ্ধ উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকৰ আলোচনাকালত শেহতীয়াকৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা “তৃতীয় মুখ্যমন্ত্ৰী কনক্লেভ” আৰু “নীতি আয়োগৰ গৱৰ্নিং ব’ডী”ৰ বৈঠকত পশুপালন খণ্ডৰ সৈতে জড়িত সিদ্ধান্ত তথা পৰামৰ্শাৱলীসমূহৰ বিষয়ে সবিশেষ আলোচনা কৰা হয়।

আজিৰ বৈঠকত উন্নয়নৰ ধাৰাক অধিক ত্বৰান্বিত কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী দিগদৰ্শনত অনুষ্ঠিত হৈ যোৱা উক্ত দুয়োখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত তথা পৰামৰ্শাৱলীসমূহৰ কাৰ্যকৰীকৰণৰ বাবে শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈঠকত বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।

লগতে, যোৱা ১ আৰু ২ জুনত জম্মু-কাশ্মীৰত “বিশ্ব দুগ্ধ দিৱস” উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈ যোৱা গ্ৰীষ্মকালীন সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত ল’বলগীয়া কাৰ্যব্যৱস্থাৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয়। গো-ধনৰ লাম্পী ৰোগৰ প্ৰতিৰোধ তথা ৰাজ্যজুৰি চলি থকা টিকাকৰণ অভিযানৰো বৈঠকত সবিশেষ বুজ মন্ত্ৰী গৰাকীয়ে বুল লয় আৰু এই অভিযান ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।

আজিৰ বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অভিজিত বৰুৱা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী, যুটীয়া সচিব আশ্ৰাফুল আমিন, দুগ্ধ সঞ্চালক কৰুণানন্দ শৰ্মা প্ৰমুখ্যে বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক – চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ নৱ নিযুক্ত শিক্ষকৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply