গুৱাহাটী : কম বয়সীয়া লোক সকলৰ মাজত হৃদৰোগ সম্পৰ্কীয় বিভিন্ন সজাগতামূলক সভাই গুৰুত্ব লাভ কৰি আহিছে যদিও এক বৃহৎ সংখ্যক বয়োজ্যেষ্ঠ লোককো এইক্ষেত্ৰত তাৎক্ষণিক মনোযোগ আৰু যত্নৰ প্ৰয়োজন হৈ পৰিছে। বৃদ্ধ সকলৰ মাজত হৃদৰোগৰ বৰ্ধিত ঘটনাৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ বাবে, সময়মতে হস্তক্ষেপ আৰু আগতীয়াকৈ চিনাক্তকৰণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰাৰ অতিমাত্ৰা প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি, নতুন দিল্লীৰ চাকেটস্থিত মেক্স চুপাৰ স্পেচিয়েলিটি হস্পিটালে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত এক জনসজাগতা সভাৰ আয়োজন কৰে।
মেক্স হস্পিটাল, চাকেটৰ কাৰ্ডিয়াক চাইন্সেছৰ এইচ ও ডি ডাঃ বলবীৰ সিঙে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সভাখন সঞ্চালিত কৰে। “হৃদযন্ত্ৰ বিজ্ঞানৰ ক্ষেত্ৰত হোৱা প্ৰগতিৰ লগতে, অধিক উন্নত আৰু নিম্ন বিস্তাৰমুখী প্ৰক্ৰিয়াই বিভিন্ন প্ৰকাৰৰ হৃদৰোগী সকলক উপকৃত কৰিছে। মুখ্যতঃ ন্যূনতম অভিগমনমূলক অস্ত্ৰোপচাৰৰ পৰ্যবেক্ষিত লাভালাভৰ বাবে, কষ্মেটিক লাভালাভ, বিষ হ্ৰাস আৰু অস্ত্ৰোপচাৰৰ আঘাত হ্ৰাসৰ লগতে চিকিৎসাধীন সময় হ্ৰাস হোৱাৰ বাবে নিম্ন বিস্তাৰমুখী হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (এম আই চি এছ) বা কীহোল অস্ত্ৰোপচাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে” বুলি ডাঃ বলবীৰ সিঙে কয়।
এই প্ৰক্ৰিয়াটো সংক্ৰমণবোৰৰ বিৰুদ্ধে দুৰ্বল প্ৰতিৰোধ ক্ষমতা থকা বৃদ্ধ আৰু ডায়েবেটিক ৰোগীসকলৰ বাবে আদৰ্শগতভাৱে সৰ্বশ্ৰেষ্ঠ কিয়নো এই প্ৰক্ৰিয়াৰে হোৱা অস্ত্ৰোপচাৰৰ পিছত হাঁওফাঁওৰ সংক্ৰমণ বা আঘাতৰ ফলত সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাইকিয়া হয়। এই প্ৰক্ৰিয়াটোৱে পূৰ্বতে পৰম্পৰাগত অস্ত্ৰোপচাৰৰ বাবে অত্যাধিক বিপদসংকুল বুলি গণ্য কৰা বৃদ্ধ অথবা পূৰ্বৱৰ্তী ৰোগগ্ৰস্তসকলৰ বাবেও হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্ভৱ কৰি তোলে বুলিও কয় ডাঃ বলবীৰ সিঙে।
লগতে পঢ়ক – ১০২ খন শিক্ষানুষ্ঠানলৈ কৈফিয়ৎ তলব শিক্ষা বিভাগৰ
মানুহে কেনেকৈ হৃদৰোগগ্ৰস্ত হৈ পৰে সেই বিষয়ে জ্ঞান তথা সজাগতা বিয়পাবলৈ এই মঞ্চখন চাকেটস্থিত মেক্স হস্পিটালে এক প্ৰচেষ্টা হিচাপে ব্যৱহাৰ কৰে। বিশেষজ্ঞ সকলে হৃদৰোগ যিকোনো প্ৰাৰম্ভিক লক্ষণ প্ৰত্যক্ষ কৰাৰ আৰু চিকিৎসামূলক সাহায্যৰ বাবে নিকটতম চিকিৎসালয়লৈ যোৱাৰ উপায় সম্পৰ্কেও আলোচনা কৰে।