নিউজ ডেস্ক- অয়নজ্যোতি বণিয়াৰ বিদ্যালয়ত এতিয়া কান্দোনৰ ৰোল। মাজুলীৰ বৰগুৰি চাৰি আলিত অতিৰিক্ত উপায়ুক্তৰ বাহনৰ খুন্দাত থিতাতে নিহত হোৱা অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জনৰ মৃত্যুত এতিয়া ভাঙি পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল। আজি বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, এই দুৰ্ঘটনাত আহত হৈছিল আন এজন ছাত্ৰ। আহত হোৱা ছাত্ৰজনৰ নাম মলয় নাথ। মলয় নাথ দশম মান শ্ৰেণীৰ ছাত্ৰ আছিল। বৰ্তমান ছাত্রজনক গড়মূৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। ৰাইজে ঘেৰাও কৰি ধৰিছিল দুৰ্ঘটনা সংঘটিত কৰা বাহন আৰু আৰক্ষীৰ লোকসকলক। বাহন খনৰ পৰা উদ্ধাৰ হৈছিল সুৰাৰ বটল। তাৰ পাছত চিআৰপিএফ বাহিনীৰ জোৱান আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply