নিউজ ডেস্ক: সাৰ্বজনীন স্বাস্থ্যসেৱাৰ সুনিশ্চয়তা প্ৰদান কৰি অসম চৰকাৰে প্ৰস্তুত কৰা “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” শীৰ্ষক নৱতম আঁচনিখন বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
উক্ত আঁচনিখনৰ অধীনত ৰেচন কাৰ্ড থকা ২৬ লাখ পৰিয়াললৈ ৫ লাখ টকাৰ নগদবিহীন চিকিৎসাৰ নিশ্চয়তা প্ৰদানেৰে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰা হ’ব। ভাৰত চৰকাৰৰ “আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা” ধ্বজাবাহী আঁচনিখনৰ সম্প্ৰসাৰিত ৰূপ হিচাপে মুখ্যমন্ত্ৰী দিকদৰ্শনত ৰূপায়ণ কৰিবলৈ লোৱা “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” আঁচনিখনৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ হিতাধিকাৰী সকলে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব ।

লগতে, ৰাজ্যৰ ৩০০ খনৰো অধিক চৰকাৰী আৰু বেচৰকাৰী তালিকাভুক্ত চিকিৎসালয়ৰ লগতে সমগ্ৰ দেশৰ “আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা” সুবিধা উপলব্ধ থকা চিকিৎসালয়ত এই আঁচনিখন সংযুক্ত কৰা হৈছে ৷
ইয়াৰোপৰি, ১৫৭৮ বিধ চিকিৎসা প্ৰদ্ধতি, ২৪ টা বৈশিষ্ট্য, ৮৭২ টা চিকিৎসা আৰু অস্ত্ৰোপচাৰ পেকেজ সংলগ্ন এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰৰ উন্নীতকৰণ আৰু গুনগত চিকিৎসা সেৱা লাভ কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত অনুষ্ঠানটোত কয় যে, ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰে জনসাধাৰণৰ কল্যাণকামিতা নিশ্চিতকৰণৰ লক্ষ্যৰে আমাৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ দিনৰে পৰা সৰ্বতোপ্ৰকাৰৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ অন্তোদ্যয়াৰ মতাদৰ্শৰ প্ৰতি থকা বিশ্বাসৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজি অসম চৰকাৰৰ সামাজিক খণ্ডৰ গুৰুত্বপূৰ্ণ আঁচনি আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ কৰি অত্যন্ত আনন্দিত হৈছোঁ।
লগতে তেওঁ কয়, এই আঁচনিখন সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতকৰণৰ লগতে আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হ’ব বুলি মই গভীৰভাৱে আশাবাদী।

ইফালে, অনুস্থানটোত উপস্থিত থকা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে কয় যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰৰ দ্বি-বৰ্ষপূৰ্তিৰ শুভক্ষণত এই আঁচনিখন মুকলি কৰাৰ মুহূৰ্তত উপস্থিত থাকি গৌৰৱ অনুভৱ কৰিছোঁ ৷ এই আঁচনিখনে স্বাস্থ্যখণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন কৰিব বুলি আমাৰ দৃঢ়বিশ্বাস ।
উক্ত অনুস্থানটোত ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, বি টি আৰ প্ৰশাসনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিভিন্ন নিকায় আৰু নিগমৰ সন্মানীয় অধ্যক্ষ আৰু উপাধ্যক্ষ সকল, গুৱাহাটী পৌৰ নিগমৰ সন্মানীয় মেয়ৰৰ লগতে পাৰিষদ সকল, স্বাস্থ্য বিভাগকে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক – অপেক্ষাৰ অন্ত: ৰবি শৰ্মাৰ “শ্ৰী ৰঘুপতি”ৰ ট্ৰেইলাৰ শুভ মুক্তি, ২ জুনত ছবিগৃত মুক্তি