গুৱাহাটী : ধীৰেণপাৰাত আয়ুষ্মাণ ভাৰত খণ্ডভিত্তিক স্বাস্থ্য মেলা সম্পন্ন। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতি আৰু ধীৰেণপাৰা স্বাস্থ্য মণ্ডলৰ উদ্যোগত বিহংগম যোগ কেন্দ্ৰত এখনি স্বাস্থ্য মেলা অনুষ্ঠিত হয়।

স্বাধীন ভাৰতবৰ্ষৰ ৭৫ তম বৰ্ষপূৰ্তিৰ উপলক্ষে “আজাদি কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই আয়ুষ্মাণ ভাৰত খণ্ডভিত্তিক স্বাস্থ্য মেলাখন। মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

স্থানীয় লোকৰ সুবিধাৰ্থে স্বাস্থ্য মেলাখনত স্ত্ৰী আৰু প্ৰসূতি, শিশু, ইএনটি, দন্ত, চকু, অসংক্ৰমিত ৰোগৰ পৰীক্ষণ, পৰিয়াল পৰিকল্পনা সেৱা, আদিকে ধৰি বিনামূলীয়া পৰীক্ষাগাৰ আৰু টিকাকৰণ সেৱা আগবঢ়োৱা হয়। মুঠ ৫৮৮ গৰাকী লোকে আজিৰ স্বাস্থ্যমেলাত বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰে।

লগতে পঢ়ক –  কংগ্ৰেছ ত্যাগ কৰিলে বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী

অনুষ্ঠিত স্বাস্থ্যমেলাখনত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত, ২০ নং ৱাৰ্ডৰ কাউন্সিলৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া, WHO ৰ প্ৰতিনিধি, জিলা প্ৰতিষেধক বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকল উপষ্ঠিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply