নিউজ ডেস্কঃ আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তগৰ্ত ঘগ্ৰাপাৰৰ হৰি মন্দিৰত আয়োজিত মুখ্যমন্ত্রী জন আৰোগ্য যোজনা (MMJAY)-ৰ অন্তর্গত আয়ুষ্মান অসম কাৰ্ডৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে।

আজিৰ অনুষ্ঠানত নলবাৰী সমষ্টিৰ সৰ্বমুঠ ৮১৭ জন লোকক আয়ুষ্মান অসম কাৰ্ড প্ৰদান কৰা হয়। কাৰ্ড সমূহ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, বর্তমান সময়ত চিকিৎসা বিজ্ঞানৰ যিমান উন্নতি হৈছে, সেইদৰে চিকিৎসাৰ ব্যয়ো অধিক হৈছে। সেয়েহে অর্থনৈতিক ভাবে সবল নোহোৱা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী জন আৰোগ্য যোজনা (MMJAY)-ৰ অন্তর্গত আয়ুষ্মান অসম কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ।

লগতে কয়, মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন আমাৰ চৰকাৰখনে আগবঢ়োৱা এই সুদূৰপ্ৰসাৰী আঁচনিখনে অসমৰ ৰাইজক দেশৰ যিকোনো প্ৰান্তৰ চৰকাৰী চিকিৎসালয় তথা সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত যিকোনো চিকিৎসালয়ত ১৫৭৮ টা উপসৰ্গ থকা ৰোগৰ চিকিৎসাৰ ক্ষেত্রত সুবিধা কৰি দিব।

উল্লেখ্য যে, স্বাস্থ্যসেৱাক জনগণৰ মাজলৈ লৈ যোৱা তথা এক সুৰক্ষিত অসম গঢ়াৰ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰোপৰি, এই কার্ডে সমগ্ৰ অসমত ৰেচন কাৰ্ড থকা প্ৰায় ৫৭ লাখ লোকক, প্রতিটো পৰিয়ালক বছৰত সৰ্বাধিক ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব।

আজিৰ সভাত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন ডাঙৰীয়ানী, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)ফিৰডোছ আলম ডাঙৰীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুভাষ শর্মা ডাঙৰীয়া, মুখ্য স্বাস্থ্য বিষয়া ডাঃ কৈলাশ ডেকা ডাঙৰীয়া, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান (নলবাৰী জিলা)-ৰ জিলা প্রবন্ধক মিনাক্ষী বৰপূজাৰী ডাঙৰীয়ানী তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক – প্ৰধানমন্ত্ৰীৰ দ্বাৰা ২৮ মে’ত ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনৰ উদ্বোধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply