হাটশিঙিমাৰী : হাটশিঙিমাৰীত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে বি এছ এফৰ দেশভক্ত মূলক সংগীতানুষ্ঠান। আৰক্ষী অধীক্ষকৰ বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা। দেশ স্বাধীনৰ ৭৫ বছৰ বৰ্ষপূতিত আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ উপলক্ষে বি এছ এফে বৃহস্পতিবাৰে সন্ধিয়া হাটশিঙিমাৰীত এক দেশভক্ত মূলক সংগীতানুষ্ঠান আয়োজন কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত বৃহস্পতিবাৰৰ সন্ধিয়া ৭ বজাত দেশ স্বাধীনতা লাভ কৰা ৭৫ তম বৰ্ষপুতি উপলক্ষ্যে ৪৫ নং বি এন বি এছ এফৰ উদ্যোগত আৰু গুৱাহাটী ফ্ৰন্টিয়াৰ বি এছ এফৰ বেণ্ড পাৰ্টীৰ সৌজন্যত দেশভক্ত মূলক সংগীতানুষ্ঠান অনুষ্ঠিত কৰে। দেশপ্ৰেমমূলক গীত আৰু সংগীতেৰে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল উপস্থিত থাকি বি এছ এফৰ এনে প্ৰচেষ্টাক ভুয়সী প্ৰশংসা কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে অনুষ্ঠানটিৰ আৰম্ভণিতে ৪৫ নং বি এন বি এছ এফৰ কমাণ্ডেন্ট চন্দ্ৰ কান্ত উপাধ্যায়, টু ৱাই চি মনিস মেধী, আৰু সহকাৰী কমাণ্ডেন্ট কামেশ্বৰ নাৰায়ণক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ৰঙালী বিহুৰ শুভেচ্ছা জনায়। ভাৰতীয় প্ৰথম শাৰীৰ সুৰক্ষা বাহিনী বি এছ এফৰ উদ্যোগত অনুষ্ঠিত এই দেশভক্ত মূলক সঙ্গীতানুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, বি এছ এফৰ উৰ্ধতম বিষয়া-জোৱানৰ লগতে প্ৰায় দূই শতাধিক লোকৰ সমাগম হয়। অনুষ্ঠানটিত গুৱাহাটী ফ্ৰন্টিয়াৰ বি এছ এফৰ বেণ্ড পাৰ্টীৰ দলে পৰিবেশন কৰা দেশপ্ৰেমমূলক গীত আৰু সংগীতত উপস্থিত দৰ্শকসকলে আপ্লুত হৈ পৰে।

লগতে পঢ়ক –  এইবাৰ মেথোনৰ আক্ৰমণত আহত ৪ জনকৈ লোক

নিজৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ দেশমাতৃৰ সেৱাত দিনে নিশাই নিয়োজিত হৈ থাকি কৰ্ম ব্যস্ততাৰ মাজতে বি এছ এফৰ বেণ্ড পাৰ্টীৰ দলটোৱে দেশপ্ৰেমমূলক গীত মাতেৰে বি এছ এফৰ বিষয়া-জোৱান আৰু ৰাইজৰ মনত দেশপ্ৰেম জগাই তোলাৰ প্ৰয়াসক উপস্থিত সচেতন ৰাইজে ভুয়সী প্ৰশংসা কৰে। বি এছ এফৰ এই অনুষ্ঠান সন্ধোৰ্ভত ৪৫ নং বি এন বি এছ এফৰ কমাণ্ডেন্ট কে চি উপাধ্যায়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply