গুৱাহাটী : ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক বৰ্ষৰ অংশ হিচাপে আজাদী কা অমৃত মহােৎসৱ উদযাপনৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অসম ৰােপন শস্য উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ অশােক শৰ্মাৰ উদ্যোগত আয়ােজিত চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে। উল্লেখ্য যে পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ অৱক্ষয় ৰােধ কৰাৰ দিশত সজাগতা সৃষ্টিৰ বাবে এই চাইকেল ৰেলীৰ আয়ােজন কৰা হৈছে।
গুৱাহাটীৰ পৰা শিৱসাগৰলৈ চাইকেল যাত্ৰা কৰাৰ সময়ত ইয়ে জনসাধাৰণক পৰিৱেশগত দিশত বার্তা প্রেৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে অসম ৰােপন শস্য উন্নয়ন নিগম লিমিটেডৰ চৌহদততা বৃক্ষ ৰােপণ কৰে। এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে অশােক শর্মাকে ধৰি চাইকেল ৰেলীত অংশ গ্রহণ কৰা সকলােলৈকে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই ৰেলীত অংশ গ্রহণকাৰী সকলে পৰিৱেশ অৱক্ষয় ৰােধৰ দিশত জনসাধাৰণৰ মাজত বার্তা প্রচাৰ কৰিব লাগিব।
পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ বাবেও ৰাইজক সজাগ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে বনাঞ্চলৰ আৱৰণ কমি অহাৰ বাবেই গােলকীয় উষ্ণতা বৃদ্ধি এক চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ ৰাইজক পৰিৱেশগত দিশত অধিক সচেতন হােৱাৰ লগতে ৰােপণ কৰা গছপুলি জীয়াই ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে চাইকেল ৰেলীত অংশ গ্রহণকাৰীসকলক স্বাধীনতাৰ বার্তা প্রচাৰৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগৃত কৰাৰ বাবেও আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে আজাদী কা অমৃত মহােৎসব উপলক্ষে প্রকৃতিক সেউজীয়া কৰি ৰখাৰ বাবে সংকল্প গ্রহণৰাে আহ্বান জনায়।তেওঁ লগতে কয় যে আজাদী কা অমৃত মহােৎসৱ উদযাপনৰ জৰিয়তে দেশৰ স্বাধীনতাৰ শততম বর্ষলৈ এই সময়ছােৱাক ‘অমৃত কাল’ হিচাপে চিহ্নিত কৰা হৈছে। এই উপলক্ষে জনসাধাৰণে দেশক বিশ্ব গুৰু হিচাপে গঢ়ি তােলাৰ বাবে কাম কৰাৰ প্রতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়।
ইয়াৰ পুর্বে আজাদীকা অমৃত মহােৎসৱ উদ্যাপন উপলক্ষে দেশজোৰা ‘হৰ ঘৰ তিৰংগা’অভিযানৰ আৰম্ভণি উপলক্ষে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলৰ অংশ গ্রহণৰে আয়ােজিত প্রভাত ফেৰীতাে মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰে। কামৰূপ একাডেমী বিদ্যালয়ৰ পৰা আৰম্ভ হােৱা শােভাযাত্ৰাত প্ৰতিজন ছাত্র-ছাত্রীয়ে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ গুৱাহাটী ক্লাব, আমবাৰী, দীঘলীপুখুৰী আদিৰ মাজেৰে বন্দে মাতাৰাম ধ্বনিৰে মুখৰিত কৰি তােলে।
স্বতঃস্ফূর্তভাৱে অংশ গ্রহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। ইয়ে ৰাতিপুৱাৰ শােভাযাত্রা সফল কৰিলে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণােজ পেণ্ড, শিক্ষা উপদেষ্টা ড° ননী গােপাল মহন্তকে ধৰি বহু গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।