গুৱাহাটী : দেশজুৰি জোঁকাৰণি তােলা উদয়পুৰৰ কানহাইয়া লালৰ লােমহর্ষক হত্যাকাণ্ডৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আজমলে কয় “উদয়পুৰৰ ভয়ংকৰ কাণ্ডক মই তীব্র ভাষাৰে গৰিহণা দিছোঁ, কাৰণ ই অইছলামিক, অমানৱীয়, নিষ্ঠুৰ প্ৰকৃতিৰ আৰু সভ্য সমাজত গ্রহণযােগ্য নহয়।
আইন হাতত লােৱাৰ অধিকাৰ কাৰাে নাই। ঘটনাটোৰ সম্পূর্ণ তদন্ত কৰিব লাগে আৰু দোষীক দেশৰ আইন অনুসৰি সর্বোচ্চ শাস্তি প্রদান কৰিব লাগে। তেওঁলােক যিয়েই নহওঁক কিয়, হত্যাকাৰী আৰু আইনৰ অপৰাধীসকলক তেওলােকৰ অপৰাধৰ কাৰণে জাতি-ধর্ম নির্বিশেষে শাস্তি দিব লাগে বুলিও কয় আজমলে। এই ঘটনাৰ গইনালৈ যি সকলে বিভিন্ন জনগােষ্ঠীৰ মাজত ঘৃণাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে চৰকাৰে তালৈও চকু ৰাখিব লাগে বুলিও কয় ধুবুৰী সাংসদ গৰাকীয়ে।
লগতে পঢ়ক – অসম প্ৰকাশন পৰিষদৰ গোচৰত গ্ৰেপ্তাৰ মহিলা
যি সকলে ইয়াৰ সুযােগলৈ মুছলমান আৰু ইছলামক দোষাৰােপ কৰিবলৈ লৈছে। তেওঁলােকেও জনা উচিত যে হত্যাকাৰীয়ে ইছলামক প্রতিনিধিত্ব নকৰে। একেদৰে ইছলাম বা এজন প্রকৃত মুছলমানে কেতিয়াও কোনাে ধৰণৰ হিংসা আৰু অপৰাধক সমর্থন বা প্রশ্রয় নিদিয়ে। দেশত শান্তি আৰু সম্প্রীতি বজাই ৰাখিবলৈ সকলাে নাগৰিকলৈ বদৰুদ্দিন আজমলে আহ্বান জনায়।