গুৱাহাটী : কাছাৰৰ ডলু চাহ বাগিচাত উচ্ছেদ চলাই প্ৰস্তাৱিত গ্ৰীনফিল্ড বিমানবন্দৰ স্থাপনৰ নামত চৰকাৰৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই। এ আই ইউ ডি এফ দলৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতিৰ ক্ষুৰধাৰ সমালোচনা কৰি কয় যে চৰকাৰৰ সদিচ্ছাৰ অভাৱত কাছাৰ জিলাৰ ডলু চাহ বাগিচা ৰণক্ষেত্ৰলৈ পৰ্যবসিত হৈছে। প্ৰায় আঢ়ৈ হাজাৰ বিঘা ভূমিত দুই শতিকা ধৰি কেইবাটাও প্ৰজন্মই নিজৰ ভাতমুঠি মোকোলাই আহিছিল যদিও এতিয়া কেইবা হাজাৰ পৰিয়াল কৰ্মহীন হ’ব।

এই উচ্ছেদে চৰকাৰৰ গৰিব-শ্ৰমজীৱী বিৰোধী চৰিত্ৰক উদঙাই দিছে আৰু এই সময়ৰ আহ্বান স্বৰূপে বিজেপি চৰকাৰৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি দৃঢ়ভাৱে থিয় হোৱাটো প্ৰয়োজন বুলিও কয় বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে অতি আক্ষেপেৰে প্ৰকাশ কৰে যে আজি অন্তত চাহ শ্ৰমিক বা প্ৰাক্তন চাহ শ্ৰমিক পৰিয়ালৰ পৰা উঠি অহা ৰাজনৈতিক ব্যক্তি আৰু পদাধিকাৰসকলে এই কাৰ্যক গৰজি উঠিব লাগিছিল, দুৰ্ভাগ্যজনকভাৱে সেয়াও পৰিলক্ষিত হোৱা নাই। বিজেপি দলৰ মাজতে থকা তেনে ব্যক্তিয়ে অৱশ্যয় এই সিদ্ধান্তৰ বিৰোধ কৰিলে চৰকাৰে নিশ্চিতভাৱে এই সিদ্ধান্ত বৰ্জন কৰিবলৈ বাধ্য হ’ল হেঁতেন।

লগতে পঢ়ক – বছৰৰ প্ৰথমটো বানতে জলমগ্ন কামপুৰ-কচুৱা

চাহ শ্রমিক সকলে বিজেপি দলক একচেটিয়া ভোট দিয়াৰ পিছতো চৰকাৰ এই শ্ৰমজীৱী সকলৰ প্ৰতি সংবেদনশীল নহয়, কাৰণ এই চৰকাৰে দিল্লীৰ নিৰ্দেশনা নুশুনি জাতীয় স্বাৰ্থত নিজৰ মেৰুদণ্ড চিধা কৰি ৰখাৰ সক্ষমতা নাই। এ আই ইউ ডি এফ দলে এই উচ্ছেদ বন্ধ কৰিবলৈ তীব্ৰ দাবী কৰাৰ লগতে উচ্ছেদিতসকলক ক্ষতিপূৰণ, পুনৰসংস্থাপন আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে। অন্যহাতে বিকল্প সংস্থাপন অবিহনে কোনোধৰণৰ উচ্ছেদৰ পদক্ষেপ চৰকাৰে যাতে অনাগত দিনত গ্ৰহণ নকৰে সেয়াও এক প্ৰেছবাৰ্তাযোগে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে এ আই ইউ ডি এফ দলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply