গুৱাহাটী : বিভিন্ন সামগ্ৰীৰ ওপৰত চৰকাৰে জি এছ টি আৰোপ কৰাক দুর্ভাগ্যজনক আখ্যা এ আই ইউ ডি এফৰ। সম্প্রতি সকলাে নিত্য প্রয়ােজনীয় বস্তু তথা খাদ্য সামগ্রী যেনে চাউল, আটা, ঘেহু, মাছ, মাংস, দৈ, পনিৰ, মৌ, পাপড়, গুৰ, হাস্পতালৰ বিচনা, শিক্ষণ সামগ্রী আদিৰ ওপৰত চৰকাৰে জি এছ টি আৰােপ কৰি যি মূল্যবৃদ্ধি কৰিছে ইয়াক দুর্ভাগ্যজনক আখ্যা দিছে এ আই ইউ ডি এফে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত জি এছ টি আৰোপৰ ওপৰত প্রতিক্রিয়া ব্যক্ত কৰি দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় “দৰিদ্র সীমা ৰেখাৰ তলৰ লােক সকলৰ জীৱন জীৱিকা, জীয়াই থকাৰ খাতিৰত চৰকাৰে এই সামগ্ৰী সমূহ জি এছ টিৰ আওঁতাৰ পৰা ৰেহাই দিব লাগে। দেশৰ প্রধানমন্ত্ৰী গৰাকীয়ে বছৰি দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতি ৰক্ষা কৰিব নােৱাৰাৰ ফলত উপৰঞ্চি কোটি কোটি শিক্ষিত যুৱক-যুৱতী নিবনুৱা হৈছে আৰু কর্ম সংস্থাপন হেৰুৱাইছে”।
লগতে পঢ়ক – প্ৰতিদিনে পৰিৱেশ দিৱস পালন কৰা অসমৰ এখন গাঁৱৰ ৰাইজে
সাংসদ মৌলানা বদৰুদ্দিন আজমলে লগতে কয় শিক্ষণ সামগ্রী, হাস্পতালৰ বিচনা আৰু সর্বসাধাৰণ দৰিদ্ৰ মানুহে ব্যৱহাৰ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত এনে ধৰণেৰে জি এছ টি আৰোপ কৰি যি মাধমাৰ সােধাব বিচাৰিছে, এয়া ৰাষ্ট্ৰবাসীৰ বাবে কেতিয়াও গ্রহণযােগ্য নহয়। যি সময়ত চৰকাৰৰ দ্বায়িত্ব আছিল সর্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ, ইয়াৰ পৰিবৰ্তে জনসাধাৰণৰ জীৱন দূর্বিসহ কৰি তুলিছে। আমি এই সামগ্রী সমূহৰ জি এছ টি প্রত্যাহাৰ কৰি সর্বসাধাৰণ ৰাইজক সকাহ দিবলৈ চৰকাৰক দাবী জনালোঁ।