হোজাই : বানাক্ৰান্ত ৰাইজৰ কাষত বদৰুদ্দিন আজমল। যমুনামুখত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ খবৰ ললে সাংসদ বদৰুদ্দিন আজমলে। বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্যও বিতৰণ কৰিলে ধুবুৰীৰ সাংসদ গৰাকীয়ে।

ৰাজ্যত অধিক সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনে সম্পূর্ণৰূপে বিধ্বস্ত কৰি পেলাইছে পাহাৰীয়া ৰাজ্য ডিমা হাচাও।

ইফালে ৰাজ্যৰ ২৭ খনকৈ জিলা এতিয়া বাঢ়নী পানীৰ তলত। বানপানীৰ ফলত এই জিলা কেইখনৰ ৬ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। হোজাই জিলাতো বহু লোক বানপানীৰ বাবে ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিত থাকিব লগীয়া হৈছে।

লগতে পঢ়ক –   বানত জাহ গ’ল সপোনৰ কলখেতিডৰা: মূৰে কপালে হাত দিছে খেতিয়কে

বৃহস্পতিবাৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল হোজাই জিলাৰ যমুনামুখত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ খবৰ লয়। ধুবুৰীৰ সাংসদ গৰাকী বানাক্ৰান্ত ৰাইজৰ অৱস্থা দেখি আবেগিক হৈ পৰে। সাংসদ গৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্যও বিতৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply