নিউজ ডেস্ক: ৬ জুনত ভাৰতীয় সেনা প্ৰধান মনোজ পাণ্ডেৰ সৈতে বৈঠকত মিলিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। দুদিনীয়া ভ্ৰমণসূচীৰে ৫ জুনত বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে।
জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়ে আলোচনা কৰে। ইয়াৰোপৰি বাংলাদেশ আৰু ভাৰতীয় সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানক দ্বিপাক্ষিক সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।
উক্ত বৈঠকত ভাৰতীয় সেনা প্ৰধানগৰাকী মনোজ পাণ্ডেৰয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা ভালদৰে আগবঢ়াৰ কথা অৱগত কৰে।