মানকাচৰ : বিএছএফ জোৱানক বাংলাদেশী গৰু সৰবৰাহকাৰীৰ আক্ৰমণ। মানকাচৰ সীমান্তত পহৰাত নিয়োজিত হৈ থকা এজন বিএছএফ জোৱানক বাংলাদেশী গৰু সৰবৰাহকাৰীৰ আক্ৰমণ।দিনৰ ভাগত অসমৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ হৈ আছিল।
অসমৰ ফালৰ পৰা গৰু সৰবৰাহকাৰীয়ে দলংৰ তলেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আছিল। গৰু ধৰিবলৈ বিএছএফৰ জোৱানজনে বাধা দিয়াত জোৱানজনক টানি নি ভাৰতৰ ভূমিতে নো মেনচ লেণ্ডত বাংলাদেশী গৰু সৰবৰাহকাৰীয়ে দাৰে আক্ৰমণ কৰে।
আনকি কালো নদীৰ পানীত বিএছএফ জোৱানজনক ডুবাই হত্যাৰ চেষ্টা চলায় বাংলাদেশী গৰু সৰবৰাহকাৰীয়ে। তেনে সময়ত একাংশ ভাৰতীয় লোকে কালো নদীৰ দলংৰ তলেৰে ঘটনাস্থলীত প্ৰৱেশ কৰি জোৱান জনক উদ্ধাৰ কৰে। বৰ্তমান উত্তপ্ত হৈ আছে সীমান্ত।
আহত বিএছএফৰ জোৱানজনক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। এই অঞ্চলতে যোৱা ৯ মে’ তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিদৰ্শন কৰিছিল। সীমান্ত সমস্যা লৈ আলোচনা হৈছিল বিএছএফৰ সৈতে।
লগতে পঢ়ক – মঙলদৈত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
আহত ৪৫ নং বেটেলিয়াৰ বিএছএফ জোৱানজনৰ নাম দীনেশ চন্দ্ৰ যাদৱ। পাঁচটাকৈ গৰু দিনৰ ভাগতে সৰবৰাহ কৰি নিবলৈ আহিছিল গৰু সৰবৰাহকাৰীৰ দল এটা। ভাৰতৰ ফালৰ গৰু সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে। ২৫-৩০ জনীয়া বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দল আহিছিল গৰু নিবলৈ।