গোলাঘাট : গোলাঘাট কাৰাগাৰৰ ভিতৰত পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। এটা ফেচবুক পোষ্টকলৈ গোলাঘাট কাৰাগাৰত বন্দী হৈ আছে ডিচিবি মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। শনিবাৰে কাৰাগাৰৰ ভিতৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

ডিচিবি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্রী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই শনিবাৰে গোলাঘাট কাৰাগাৰৰ ভিতৰত প্রথটো পৰীক্ষাত অৱতীৰ্ণ হয়। ১৯ বছৰীয়া ছাত্ৰী গৰাকী বিগত দুমাহ ধৰি কাৰাবন্দী হৈ আছে। এটা বিতৰ্কিত ফেচবুক পোষ্ট দিয়াৰ বাবে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গোলাঘাট কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

লগতে পঢ়ক – এগৰাকী মহিলা চিকিৎসক আৰু দুগৰাকী নাৰ্ছক আটক

বিগত দুমাহ ধৰি ফেচবুক পোষ্টৰ বাবে কাৰাগাৰত বন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই, ইয়াকেলৈ বিগত কিছুদিন ধৰি সৃষ্টি হৈ আছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply